নলবাৰী, 6 জানুৱাৰী: নলবাৰী জিলাৰ মুকালমুৱাস্থিত বৰক্ষেত্ৰী মহাবিদ্যালয়ত বুধবাৰে এক ৰক্তদান শিবিৰ সম্পন্ন হয় । জিলাখনৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান বৰক্ষেত্ৰী ৰক্তদান গ্রুপৰ উদ্যোগত তথা মহাবিদ্যালয় খনৰ শিক্ষক গোটৰ সহযোগত আয়োজন কৰা হয় এই ৰক্তদান শিবিৰ ।
শিবিৰটো আৰম্ভ কৰাৰ পূৰ্বে মহাবিদ্যালয় খনত আয়োজন কৰা সভাখনত উপস্থিত থাকে নলবাৰী জিলা উপায়ুক্ত পুৰৱী কোঁৱৰ, মুকালমুৱা খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া চক্ৰধৰ বৰ্মণ, বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কণকণ শৰ্মা, মুকালমুৱা জিলা পৰিষদৰ সদস্য খাইৰুল হক চৌধুৰী, বৰক্ষেত্ৰী ৰক্তদান গ্রুপৰ সম্পাদক জেহেৰুল ইছলাম, সভানেত্ৰী ছাহজানা বেগমকে ধৰি কেবাগৰাকী বিষয়ববীয়া আৰু মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি শেখ মোবাৰক হুছেইনক ধৰি শিক্ষক-শিক্ষয়িত্ৰীসকল । উক্ত সভাত ৰক্তদান সম্পৰ্কে কেতবোৰ আলোচনা আৰু সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় । এই ৰক্তদান শিবিৰত মহাবিদ্যালয় খনৰ শতাধিক ছাত্র ছাত্ৰীয়ে ৰক্তদান কৰে ।