অসম

assam

ETV Bharat / state

নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত পূজাৰ প্ৰস্তুতি - শাৰদীয় দূৰ্গোৎসৱৰ প্ৰস্তুতি

ৰাজ্যত বৰ্তমানে তীব্ৰ গতিত চলিছে শাৰদীয় দূৰ্গোৎসৱৰ প্ৰস্তুতি ৷ ইয়াৰ লগে লগেই নলবাৰীৰ ঐতিহ্যমণ্ডিত শৈৱ শক্তি পীঠ বিল্বেশ্বৰ দেৱালতো আৰম্ভ হৈছে দূৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি ৷ ৰজা নাগক্ষৰ দিনতে স্থাপিত হোৱা এই দেৱালয়খনৰ আছে গৌৰৱময় ইতিহাস ৷ দুইশৰ পৰা তিনিশ শতিকাৰ ভিতৰত স্থাপন হোৱা এই দেৱালৰ প্ৰতিপদ তিথিৰ পৰা বিজয়া দশমীলৈ ন-দিনীয়াকৈ চলে দূৰ্গা দেৱীৰ পূজা ৷  নৱৰাত্ৰিৰ ভিতৰত দেৱীক নটা ৰূপত পূজা কৰা হয় দেৱালয়খনত

নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত পূজাৰ প্ৰস্তুতি

By

Published : Sep 27, 2019, 11:07 PM IST

নলবাৰী, 29 ছেপ্টেম্বৰঃৰাজ্যত বৰ্তমানে তীব্ৰ গতিত চলিছে শাৰদীয় দূৰ্গোৎসৱৰ প্ৰস্তুতি ৷ ইয়াৰ লগে লগেই নলবাৰীৰ ঐতিহ্যমণ্ডিত শৈৱ শক্তি পীঠ বিল্বেশ্বৰ দেৱালয়তো আৰম্ভ হৈছে দূৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি ৷ ৰজা নাগক্ষৰ দিনতে স্থাপিত হোৱা এই দেৱালয়খনৰ আছে গৌৰৱময় ইতিহাস ৷ দুইশৰ পৰা তিনিশ শতিকাৰ ভিতৰত স্থাপন হোৱা এই দেৱালৰ প্ৰতিপদ তিথিৰ পৰা বিজয়া দশমীলৈ ন-দিনীয়াকৈ চলে দূৰ্গা দেৱীৰ পূজা ৷ নৱৰাত্ৰিৰ ভিতৰত দেৱীক নটা ৰূপত পূজা কৰা হয় দেৱালয়খনত ৷

নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত পূজাৰ প্ৰস্তুতি
দূৰ্গাপূজাৰ প্ৰস্তুতিৰ বাবে দেৱালয় দুৰ্গা সমিতিয়ে এইবছৰি নিৰ্ধাৰণ কৰিছে 30 লাখ টকাৰ বাজেত ৷ আনহাতে,ষষ্ঠীৰ দিনা দেৱালয়ত বন্তি প্ৰজ্বলন কৰিব ৰাজ্যপাল জগদীশ মুখীয়ে ৷ তিদিনে লাখ লাখ ভক্তৰ সমাগম হোৱা বিল্বেশ্বৰ দেৱালৰ দূৰ্গা পূজাৰ নৱমীৰ দিনা প্ৰায় ৬ লাখ ভক্ত হোৱাৰ সম্ভাৱনা কৰিছে উদ্যোক্তা সকলে ৷উল্লেখযোগ্য যে, নামনি অসমৰ অন্যতম শক্তিপীঠ হিচাপে চিহ্নিত বিল্বেশ্বৰ দেৱালত চলি আহিছে বলিপ্ৰথা ৷ এইবেলি দেৱীৰ চৰণত বলিৰ বাবে আগবঢ়োৱা ম’হৰ সংখ্য ৪০ টা বুলি জানিব পৰা গৈছে ৷ বেলশৰৰ দূৰ্গা পূজাত কোনো ধৰণৰ মূৰ্তিৰ বিপৰীতে ৰাম কলগছত দেৱী সজাই পূজা অৰ্চনা কৰা হয় ৷ ভক্তৰ নিৰাপত্তা আৰু কোনো কাৰণতে যাতে অসুবিধা নহয় তাৰ বাবে ইতিমধ্যে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে দেৱালয় সমিতিয়ে ৷

ABOUT THE AUTHOR

...view details