নলবাৰী, 22 জুন : পৰিৱৰ্তনৰ লক্ষ্য়ৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ দিনতো উন্নয়ন তেনেই স্থবিৰ । নলবাৰী জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতেই থকা এখন গাঁও,নাম দ্বিপ্তা । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এই গাঁওখনৰ বাট পথৰ অৱস্থা একেবাৰে শোচনীয় । পথটোৰে মাজেৰে বৈ গৈছে হৰহৈৰা নামৰ এটি সুতি । সুতিটোৰে নিতৌ পাৰ হয় বহুত লোক কিন্তু সুতিটোৰ ওপৰত থকা এই ভঙা বাঁহৰ দলংখনে জলা কলা খুৱাইছে অঞ্চলটোৰ লোকক ৷
স্বাধীনতাৰ ৭০ বছৰ পিছতো উন্নয়নে ঢুকি নোপোৱা এখন গাঁও
দৈনিক শতাধিক লোক বাঁহৰ ভঙা দলংখনৰে কেনেদৰে বিপদজনক ভাৱে যাতায়ত কৰে । দলংখন পকীকৰণ কৰাৰ বাবে আহৰি নাই প্ৰশাসনৰ ।
দৈনিক শতাধিক লোক বাঁহৰ ভঙা দলংখনৰে কেনেদৰে বিপদজনক ভাৱে যাতায়ত কৰে । দলংখন পকীকৰণ কৰাৰ বাবে আহৰি নাই চৰকাৰ প্ৰশাসনৰ । উল্লেখযোগ্য যে, ১৫ বছৰ কংগ্ৰেছৰ অপশাসনৰ বাবে চৰকাৰ সলনি কৰিছিল জনতাই । কিন্তু পূৰ্বৰ চৰকাৰৰ লগতে মিত্ৰদল হিচাপে থকা বিপিএফৰ বিধায়ক এতিয়াও আছে পূৰ্বৰ স্থানতেই । নলবাৰী জিলাৰ বৰমা সমষ্টিৰ অন্তৰ্ভুক্ত বিধায়ক মনেশ্বৰ ব্ৰহ্মই আজিলৈকে অহা নাই সমষ্টিবাসীৰ দুখ দুৰ্দশাৰ খবৰ ল'বলৈ। বাঁহৰ দলঙখনেৰে বিপদজনক ভাৱে যাতায়ত কৰোতে আঘাতপ্ৰাপ্ত হৈছে বহু লোক । তথাপিও কাণসাৰ নাই চৰকাৰ তথা প্ৰশাসনৰ । এই পথটোৰে স্কুল কলেজৰ ছাত্র ছাত্ৰীৰ উপৰিও বিভিন্ন জনে যাতায়ত কৰে । পশুধনো আঘাতপ্ৰাপ্ত হৈছে বাঁহৰ দলংখনেৰে যাতায়ত কৰোতে ৷ স্থানীয় ৰাইজে ইয়াত এখন পকী দলং নিৰ্মাণৰ বাৱে অনুৰোধ জনাইছে বিভাগীয় কৰ্তৃপক্ষক ।
লগতে পঢ়ক: আজিৰে পৰা কামাখ্য়া ধামত আৰম্ভ অম্বুবাচীঃ বন্ধ মন্দিৰৰ দুৱাৰ