নলবাৰী, ১৫ অক্টোবৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত অৰুণোদয় আচঁনি ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতিৰ পয়োভৰ হোৱাৰ অভিযোগ তুলিছে হিতাধিকাৰীয়ে । নলবাৰীতো বৃহস্পতিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে হিতাধিকাৰীয়ে । ৪০ নং দক্ষিণ নতুন দেহৰ মণ্ডল কংগ্ৰেছ আৰু ইয়ং ব্ৰিগেডৰ সৌজন্যত হিতাধিকাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে পশ্চিম নলবাৰী মণ্ডল কংগ্ৰেছৰ সভাপতি বিকুল তালুকদাৰৰ লগতে কংগ্ৰেছ নেতা ডা° নীলকমল ভূঞাই । ৪০ নং দক্ষিণ নতুন দেহৰ পঞ্চায়ত কাৰ্যলয়ৰ সম্মুখত অৰুণোদয় মহিলা সবলীকৰণ আচঁনি ৰূপায়ণত দুৰ্নীতি হোৱাৰ অভিযোগ তুলি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে হিতাধিকাৰীয়ে ।
নলবাৰীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী - কংগ্ৰেছ
অৰুণোদয় আচঁনি ৰূপায়ণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি নলবাৰীত কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসুচী ৰূপায়ণ। ৪০ নং দক্ষিণ নতুন দেহৰ মণ্ডল কংগ্ৰেছ আৰু ইয়ং ব্ৰিগেডৰ সৌজন্যত প্ৰতিবাদ সাব্যস্ত কৰে হিতাধিকাৰীয়ে।
নলবাৰীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী