নলবাৰী , ৯ জানুৱাৰী :নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল "অসম জাতীয় পৰিষদ"ৰ শনিবাৰে নলবাৰী জিলাৰ মধ্য বাঁহজানী অঞ্চলত বিশাল সভাৰ আয়োজন কৰা হয় । সভাত দলটোৰ ৯নং মধ্য বাঁহজানী আঞ্চলিক সমিতি গঠন কৰাৰ লগতে দলটোত যোগদান কৰে শতাধিক লোকে । সভাত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী হৰিমল ডেকাই ।
সভাত বিজেপি, অগপ আৰু কংগ্ৰেছৰ পৰা অহা শতাধিক লোকে "অসম জাতীয় পৰিষদ"ত যোগদান কৰে । সভাত "অসম জাতীয় পৰিষদ"ৰ কেন্দ্ৰীয় সম্পাদক অমল ডেকাই দুৰ্নীতি পৰায়ণ, সাম্প্ৰদায়িক, নিবনুৱা বিৰোধী, কৃষক বিৰোধী বিজেপি নেতৃত্বাধীন চৰকাৰখনক ২০২১ চনৰ নিৰ্বাচনত দিশপুৰৰ পৰা আতৰ নকৰিলে অসমীয়া জাতিৰ সম্মুখত ভয়ানক বিপদ অনিবাৰ্য বুলি মন্তব্য় কৰে | লগতে তেওঁ কয় যে অগপ দলটোৱে অসমীয়া জাতিক চৰম প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা কৰিছে ।