নলবাৰী, 8 মে’:ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি নগেন ডেকাক শনিবাৰে নিশা আক্ৰমণ দুৰ্বৃত্তৰ(Nalbari AJP district president Nagen Deka attacked by miscreants) ৷ ডেকা সম্প্ৰতি এজেপিৰে নহয়, বৰং শ্ৰীশ্ৰীহৰিমন্দিৰ কমিটিৰ সাধাৰণ সম্পাদকৰ দায়িত্বতো কাৰ্যনিৰ্বাহ কৰি আছে ৷ নিশা হৰিমন্দিৰৰ চ’কত শাৰিৰীকভাৱে নগেন ডেকাক অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, ঈদ(Eid-Ul-Fitr) ৰ দিনা নলবাৰীৰ সমীপৱৰ্তী দীঘেলী অঞ্চলৰ দুগৰাকী মাংস ব্যৱসায়ীয়ে ছাগলী মাংসৰ লগত গো-মাংস মিহলাই বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ উক্ত কথা পোহৰলৈ অহাৰ পিছতে অঞ্চলটোত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি আৰু বন্ধ কৰি দিয়া হৈছিল মাংসৰ বিপণী দুখন ৷ তদুপৰি সেইদিনাৰে পৰা অঞ্চলটোৰ একাংশ লোকৰ মাজত চলি আহিছিল আভ্যন্তৰীণ হিংসা ৷
নলবাৰী এজেপিৰ সভাপতি নগেন ডেকাক দুৰ্বৃত্তৰ আক্ৰমণ এই সন্দৰ্ভত দীঘেলীবাসীয়ে শনিবাৰে আয়োজন কৰিছিল গাঁওসভাৰ ৷ এই গাঁওসভাত উপস্থিত আছিল নগেন ডেকা ৷ যাৰবাবে অজ্ঞাত দুৰ্বৃত্তই আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে খোদ জিলা এজেপিৰ সভাপতিগৰাকীয়ে ৷ ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত ডেকাই নলবাৰী সদৰ থানাত দাখিল কৰিছে এজাহাৰ ৷ জিলাখনৰ এগৰাকী জ্যেষ্ঠ নাগৰিকক এনেদৰে দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনা সম্প্ৰতি জিলাখনৰ সৰ্বত্ৰে চৰ্চিত হৈছে ৷
আনহাতে, এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ গগৈয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰাৰ লগতে এই ঘটনাত জড়িত দোষীৰ উচিত শাস্তিৰ দাবী উত্থাপন কৰিছে ৷ লুৰিণজ্যোতি গগৈয়ে সামাজিক মাধ্যমযোগে এই বিষয়ত সৰৱ হৈ পৰা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে, বিগত বিধানসভাৰ নিৰ্বাচনত নগেন ডেকাই অসম জাতীয় পৰিষদৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷
লগতে চাওক:বৰপেটা কংগ্ৰেছত খহনীয়া : জিলা সভাপতিৰ পিছতে পদত্যাগ মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ