অসম

assam

ETV Bharat / state

ভ্ৰাম্যমাণ থিয়েটাৰৰ দল সমূহক সহমতত উপনীত হোৱাৰ আহ্বান কেশৱ মহন্তৰ - স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

নলবাৰীত অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ সাংগঠিনক সভাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰদৰ্শন , উপনিৰ্বাচন আদি কেইবাটাও বিষয়ত মন্তব্য কৰিলে মন্ত্ৰী গৰাকীয়ে ৷

minister-keshab-mahanta-on-mobile-theatre
ভ্ৰাম্যমাণ থিয়েটাৰৰ দল সমূহ সহমতত উপনীত হোৱাৰ আহ্বান কেশৱ মহন্তৰ

By

Published : Oct 5, 2021, 10:06 PM IST

নলবাৰী, 5 অক্টোবৰ :মঙলবাৰে নলবাৰীত উপস্থিত হ’ল স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত । ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট প্ৰদৰ্শন সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিলে মন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে, প্ৰথমতে থিয়েটাৰৰ দল সমূহৰ নিজৰ মাজত আলোচনা হোৱাৰ প্ৰয়োজন আছে । দল সমূহৰ ওপৰত মন্তব্য কৰি তেওঁ কয় যে, তেওঁলোকৰ কোনোবাই আখৰা কৰিছে কোনোবাই কৰা নাই ।

ভ্ৰাম্যমাণ থিয়েটাৰৰ দল সমূহ সহমতত উপনীত হোৱাৰ আহ্বান কেশৱ মহন্তৰ

ভ্ৰাম্যমাণ থিয়েটাৰৰ দলক সমূহ সহমতত উপনীত হোৱাৰো আহ্বান জনালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে । তেওঁলোকক আলোচনা কৰি আগবঢ়াৰ পৰামৰ্শ দি মন্ত্ৰীগৰাকীয়ে কয় যে, দলসমূহৰ এই আলোচনাৰ পিছত মুখ্যমন্ত্ৰীয়ে বিষয়টোকলৈ সিদ্ধান্ত গ্ৰহণ কৰিব । ইফালে, ৰাজ্যত অনুষ্ঠিত হ'ব লগা উপ নিৰ্বাচন সন্দৰ্ভতো মন্তব্য আগবঢ়ালে জ্যেষ্ঠ অগপ নেতা তথা মন্ত্ৰী গৰাকীয়ে ৷

এই সন্দৰ্ভত নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনাই মূল নিৰ্দেশনা হ'ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে । তেওঁ কয় যে, ইতিমধ্যে ৰাজ্যত ব্যাপক হাৰত প্ৰদান কৰা হৈছে ভেকচিন । ইফালে, উপনিৰ্বাচনত কংগ্ৰেছ-এজেপিৰ মিত্ৰতা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী কেশৱ মহন্তই ।

মহন্তই কয় যে, বিগত নিৰ্বাচনত ৰাইজে বহুত মিত্ৰতা দেখিলে কিন্তু কাকো পছন্দ নকৰিলে । ত্ৰিশ অক্টোবৰৰ পিছত এই সকলো দিশ স্পষ্ট হ'ব । উপ নিৰ্বাচনৰ ছখন আসনেই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁ‌টে দখল কৰিবও বুলি দাবী কৰিলে তেওঁ । মঙলবাৰে নলবাৰী নাট্য মন্দিৰত অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ সাংগঠিনক সভাত অংশ লৈ সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰিলে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।

লগতে পঢ়ক :অস্ত্ৰ দেখুৱাই ভয়-ভাবুকিৰে নগা দুৰ্বৃত্তই লৈ গ'ল গোহালিৰ গৰু

ABOUT THE AUTHOR

...view details