অসম

assam

ETV Bharat / state

Minister Chandra Mohan Patowary : ৰাজহুৱাভাৱে দলীয় কৰ্মীক এজাউৰি দিলে মন্ত্ৰী পাটোৱাৰীয়ে - Minister Jayanta Malla Baruah

ভাত খাবলৈ গ’ল দলীয় কৰ্মী ৷ সেয়েহে খালী চকীৰ সন্মুখতে ভাষণ দিবলগীয়া হ’ল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ স্বাভাৱিকতে এই কথাত লাজবোধ কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Minister Chandra Mohan Patowary)৷ অগ্নিশৰ্মা হৈ ভাষণৰ মাজতে দলীয় কৰ্মীক ভালকৈ এসেকা দিলে মন্ত্ৰীগৰাকীয়ে ৷

Minister Chandra Mohan Patowary
ৰাজহুৱাভাৱে দলীয় কৰ্মীক এজাউৰি দিলে মন্ত্ৰী পাটোৱাৰীয়ে

By

Published : Dec 10, 2022, 6:14 PM IST

ৰাজহুৱাভাৱে দলীয় কৰ্মীক এজাউৰি দিলে মন্ত্ৰী পাটোৱাৰীয়ে

নলবাৰী, 10 ডিচেম্বৰ : মঞ্চতে খঙত টিঙিৰি-তুলা হৈ পৰিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী (Minister Chandra Mohan Patowary)৷ খালী চকীৰ সন্মুখত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ভাষণ দিবলগীয়া হোৱাত খং নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে মন্ত্ৰীগৰাকীয়ে ৷ সেয়ে মাইকযোগেই দলৰ কাযকৰ্তাক ভালকৈ এজাউৰি দিলে চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

উল্লেখ্য যে, শনিবাৰে সমগ্ৰ ৰাজ্যতে পালন কৰা হৈছে ছহিদ দিৱস (Swahid Divas)৷ অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ প্ৰতিগৰাকী বীৰ শ্বহীদক শ্ৰদ্ধাৰে সুঁৱৰি ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত নলবাৰীতো কেন্দ্ৰীয়ভাৱে পালন কৰা হয় ছহিদ দিৱস ৷ কিন্তু যুৱ মৰ্চাৰ কেন্দ্ৰীয় অনুষ্ঠানতে লাগিল অথন্তৰ ৷

যুৱ মৰ্চাৰ ছহিদ দিৱসৰ কাৰ্যসূচীৰ মঞ্চ শুৱনি কৰি আছিল বিজেপিৰ ৰাজ্যিক ভৱেশ কলিতা, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া, যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকু বৰুৱাৰ লগতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ কাৰ্যসূচী অনুসৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ভাষণ আৰম্ভ কৰিলে (Bhabesh Kalita in Swahid Divas Nalbari)৷ কিন্তু ভাষণ শুনিবলৈ কেৱল খালী চকীকেইখনহে দেখা গ’ল ৷ আসন এৰি দলৰ সকলো কাৰ্যকৰ্তা গ’ল ভাত খাবলৈ ৷

ইয়াতে অগ্নিশৰ্মা হৈ পৰিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী (Chandra Mohan Patowary angry mood)৷ জীৱন কালত প্ৰথমবাৰৰ বাবে এনে দৃশ্যৰ মুখামুখি হৈ এজাউৰি নিদিয়াকৈ থাকিব নোৱাৰিলে মন্ত্ৰীগৰাকীয়ে ৷

ভাষণ আৰম্ভ কৰিয়েই দলীয় কাৰ্যকৰ্তাক উদ্দেশ্যি গালি বৰষাবলৈও আৰম্ভ কৰিলে মন্ত্ৰীগৰাকীয়ে ৷ প্ৰথমেই মঞ্চৰ ওপৰত থকা কৰ্মীক পহুখেদা দিলে মন্ত্ৰী পাটোৱাৰীয়ে ৷ খেদি পঠিয়ালে একাংশ কাৰ্যকৰ্তাক ৷ তাৰ পাছতে ক’লে,‘‘ৰাতি যিকোনো সময়ত যদি মই সকলোকে লগ কৰিব পাৰোঁ, সভাপতিগৰাকীয়ে ভাষণ দিয়াৰ সময়ত ভাত খাবলৈ নোযোৱাহেতেন কি হয় ?’’ নিজৰ ৪০ বছৰীয়া ৰাজনৈতিক জীৱনত প্ৰথমবাৰৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলি আক্ষেপ প্ৰকাশ কৰিলে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :Swahid Divas In Nalbari: নলবাৰীত শ্বহীদ দিৱস পালন

ABOUT THE AUTHOR

...view details