নলবাৰী,12 মে':মঙলবাৰে ৰাইজৰ দলৰ নলবাৰী জিলা সমিতিয়ে জিলা উপায়ুুক্তৰ জৰিয়তে ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ শুভেচ্ছা বাণী আৰু বিভিন্ন দাবী সম্বলিত 17 দফিয়া এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ শেহতীয়াভাৱে মহামাৰী কৰ'ণাই জিলাখনত সংহাৰী ৰূপ ধাৰণ কৰাত ক'ভিড সংক্ৰান্তীয় বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে ৷
অভিযোগ অনুসৰি, ক'ভিড পৰিস্থিতিৰ বাবে জিলা প্ৰশাসনে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ধৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই, হোম আইচ'লেচনত থকা ৰোগী সকলৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে স্বাস্থ্য বিভাগ তদুপৰি আংশিক লকডাউন বলবৎ কৰাৰ ফলত জিলাখনৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু শ্ৰমজীবি ৰাইজৰ জীৱনলৈ বিভিন্ন বিপৰ্যয় নামি অহাৰ ফলত একাংশ অসাধু ব্যৱসায়ীয়ে ইয়াৰ সুবিধা গ্ৰহন কৰিছে বুলিও ৰাইজৰ দলে স্মাৰক পত্ৰৰ দ্বাৰা মুখ্যমন্ত্ৰী গৰাকীক অৱগত কৰাই ৷