অসম

assam

By

Published : Dec 8, 2020, 7:14 PM IST

ETV Bharat / state

কৃষি আইন বাতিলৰ দাবীত ৰাজ্যজুৰি ভাৰত বন্ধৰ সমৰ্থন

ৰাজ্যজুৰি বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ সকলোৱে কৃষি আইন বাতিলৰ আহ্বান জনাইছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন স্থানত ৷

massive-protest-in-nalbari
কৃষি আইন বাতিলৰ দাবীত ৰাজ্যজুৰি ভাৰত বন্ধৰ সমৰ্থন

নিউজ ডেস্ক, 8 ডিচেম্বৰ : কৃষি আইন বাতিলৰ দাবীৰে 8 ডিচেম্বৰত সমগ্ৰ দেশজুৰি ভাৰত বন্ধৰ প্ৰভাৱ পৰিছে ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷

কৃষি আইন বাতিলৰ দাবীত ৰাজ্যজুৰি ভাৰত বন্ধৰ সমৰ্থন

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ লগতে 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গণেশ মন্দিৰ চ'কৰ লগতে পাইকাৰকুছি চ'কত আদিতো গাড়ী মটৰৰ চলাচল বন্ধ ৰখা পৰিলক্ষিত হৈছে । ইফালে, কৃষক সকলে জনোৱা এই বন্ধৰ মাত্র দুই এখন অত্যাৱশ্যকীয় সামগ্ৰীৰ লগত জড়িত ব্যক্তিৰ বাহিৰে সকলোবোৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে ৷

কৃষি আইন বাতিলৰ দাবীত ৰাজ্যজুৰি ভাৰত বন্ধৰ সমৰ্থন

লগতে পঢ়ক :লেপেটকটা দুৰ্ঘটনা : নিহতৰ পৰিয়াললৈ অসম চৰকাৰৰ ২ লাখকৈ সাহাৰ্য প্ৰদান

আনহাতে, আমগুৰিতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰি কৃষক মুক্তি, ছাত্ৰ মুক্তি, আহোম জাতীয় গণমঞ্চই প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে, প্ৰতিবাদকাৰীয়ে নতুন কৃষি আইন বাতিলৰ দাবীত কৃষক মুক্তি,ছাত্ৰ মুক্তি, আহোম জাতীয় গণমঞ্চই প্ৰতিবাদ সাব্যস্ত কৰে । লগতে, সমগ্ৰ অসমৰ ৰাইজক গণতান্ত্ৰিকভাৱে বন্ধ সফল কৰিবলৈ আহ্বান জনাইছে । ইফালে, কৃষক সকলৰ বন্ধৰ দাবীত ওলাই অহা প্ৰতিবাদকাৰীক মুক্তি নিদিলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে ৷

একেদৰে, হোজাই জিলাতো দেখিবলৈ পোৱা গৈছে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৷ সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ হোজাই জিলা কমিটীয়ে বন্ধক সমৰ্থন জনাই কৃষি আইন বাতিলৰ দাবী জনাইছে ৷

কৃষি আইন বাতিলৰ দাবীত ৰাজ্যজুৰি ভাৰত বন্ধৰ সমৰ্থন

লগতে পঢ়ক :কেৰালা স্থানীয় নিকায় নিৰ্বাচনঃ ৫ খন জিলাত আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

আনহাতে, ভাৰত বন্ধ কাৰ্যসূচীক পূৰ্ণ সমৰ্থন জনাই ধেমাজি জিলা কংগ্ৰেছৰ কৰ্মীয়ে ধেমাজি জীয়াঢল চাৰিআলিত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে ৷ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত নৰেন্দ্ৰ মোদী আৰু সবানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি কৃষি আইন বাতিল কৰক, বিজেপি চৰকাৰ হুছিয়াৰ, নৰেন্দ্ৰ মোদী মূদাবাদ আদি চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷

কৃষি আইন বাতিলৰ দাবীত ৰাজ্যজুৰি ভাৰত বন্ধৰ সমৰ্থন

ইফালে, হাইলাকান্দি জিলাতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ আলগাপুৰ বাজাৰ এলেকাৰ মাটিজুৰি অঞ্চলত কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে, বন্ধৰ সৰ্মথনত প্ৰতিবাদ কৰা পাঁচ শতাধিক প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক :ভাৰতত ক’ভিড-19 ৰ শেহতীয়া তথ্য

ABOUT THE AUTHOR

...view details