নলবাৰী, 7মাৰ্চঃ দেওবাৰে নলবাৰীৰ অসম গণ পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় এখন দলীয় সভা । অগপৰ শীৰ্ষ নেতাৰ কৰ্ম-কাণ্ডকলৈ সন্তুস্ত নহয় তৃণমূল পৰ্যায়ৰ কৰ্মী সকল ৷ এই দলীয় সভাতে অগপ কৰ্মীয়ে ক্ষুভ উজাৰিছে অগপৰ শীৰ্ষ নেতাৰ বিৰুদ্ধে ৷
নলবাৰীৰ অসম গণ পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত দলীয় সভাত কৰ্মী সকলে অগপৰ সভাপতি অতুল বৰা, ফণী ভূষণ চৌধুৰী, কেশৱ মহন্ত আৰু বীৰেন্দ্ৰ কুমাৰ বৈশ্যক দাগাবাজ বুলি মন্তব্য প্ৰদান কৰে ৷ অনাগত দিনত যেতিয়ালৈকে এই চাৰিজন ব্যক্তি অসম গণ পৰিষদ দলত থাকে তেতিয়ালৈকে দলটোৰ উন্নতি নহয় বুলি কৰ্মী সকলে জাঙোৰ খাই উঠে ৷