অসম

assam

ETV Bharat / state

নলবাৰীত বিজেপি পালিনেতাৰ দাদাগিৰিঃ কেৰেপ নকৰে আৰক্ষীকো

নলবাৰীত উত্তেজনাময় পৰিস্থিতি ৷ আৰক্ষীৰ সৈতে তৰ্ক-যুদ্ধত লিপ্ত বিজেপিৰ সাধাৰণ সম্পাদক ৷

এটা পথ দুৰ্ঘটনাক লৈ নলবাৰীত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি

By

Published : Jun 19, 2019, 8:49 PM IST

নলবাৰী, 19 জুন : নলবাৰী চহৰৰ মছজিদ চ’কত সংঘটিত এক দুৰ্ঘটনাক লৈ মঙলবাৰে অঞ্চলটোত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ ৷ দুৰ্ঘটনা সংঘটিত কৰিয়ে মন্ত্ৰী-বিধায়কৰ নাম লৈ চাৰিচকীয়া গাড়ীত অহা বিজেপিৰ হাজো মণ্ডলৰ বিজেপিৰ সাধাৰণ সম্পাদক ৰমেশ কলিতাই বাইক আৰোহীক ভাবুকি দিয়াৰ লগতে সেই স্থান ত্যাগ কৰে ৷ তাৰ পাচতে বাইক আৰোহীয়ে দুৰ্ঘটনা সংক্ৰান্তত নলবাৰী সদৰ থানাত দাখিল কৰে এজাহাৰ ৷ বাইক আৰোহীগৰাকীৰ এজাহাৰৰ ভিত্তিতে নলবাৰীৰ যান-বাহন আৰক্ষীয়ে নলবাৰী বৰুৱা ৰোডত দুৰ্ঘটনা সম্পৰ্কত সোধপোচ কৰিবলৈ অহাত বিজেপিৰ নেতাগৰাকীয়ে তৰ্ক যুদ্ধত লিপ্ত হয় আৰক্ষীৰ সৈতে ৷ ইমানতো ক্ষান্ত নোহোৱা বিজেপি নেতাগৰাকীয়ে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াক ফোন লগাই আৰক্ষীৰ বেহু ফালি যোৱাৰ অপচেষ্টা চলোৱাৰ লগতে আৰক্ষী বিষয়া কৰ্মচাৰীসকলক ভিন্ন ভাবুকি প্ৰদান কৰে ৷

এটা পথ দুৰ্ঘটনাক লৈ নলবাৰীত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি

ABOUT THE AUTHOR

...view details