অসম

assam

ETV Bharat / state

উপাৰ্জনৰ উৎস হৈ পৰিছে পানী মেটেকা... - নলবাৰী

পেলনীয়া সামগ্ৰীয়েও দিব পাৰে জীৱিকাৰ সন্ধান ৷ সততে এলাগী হৈ ৰোৱা পানী মেটেকা এতিয়া হৈ পৰিছে জীৱিকা নিৰ্বাহৰ উৎস ৷ পানী মেটেকাৰ জৰিয়তে আয়ৰ উৎস বিচাৰি লৈছে নলবাৰী চহৰৰ সমীপৰ কেইগৰাকীমান মহিলাই ৷

good uses of water hyachinth in nalbari assam etv bharat news
পানী মেটেকাৰ সদ ব্যৱহাৰ

By

Published : Oct 28, 2020, 6:38 PM IST

নলবাৰী,28 অক্টোবৰ:পেলনীয়া সামগ্ৰীয়েও দিব পাৰে জীৱিকাৰ সন্ধান ৷ সততে এলাগী হৈ ৰোৱা পানী মেটেকা এতিয়া হৈ পৰিছে জীৱিকা নিৰ্বাহৰ উৎস ৷ পানী মেটেকাৰ জৰিয়তে আয়ৰ উৎস বিচাৰি লৈছে নলবাৰী চহৰৰ সমীপৰ কেইগৰাকীমান মহিলাই ৷

পানী মেটেকাৰ সদ ব্যৱহাৰ

ONGC ৰ অধীনত শ্ৰীমন্ত শংকৰ মিছন অৱ গুৱাহাটীৰ পৰা এইক্ষেত্ৰত প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিল মহিলাসকলে ৷ 2019 চনৰ পৰা অবিৰতভাৱে মহিলাসকল জড়িত হৈ পৰিছে এই কাৰ্যত ৷ কোনো চৰকাৰী সা-সুবিধা অবিহনে সৃষ্টিশীল এই কাৰ্যত ব্ৰতী হোৱা মহিলাসকলে মেটেকাৰে প্ৰস্তুত কৰিছে বিভিন্ন বেগ, যোগামেটকে ধৰি অন্যান্য বহু সামগ্ৰী ৷ বিভিন্ন জলাশয়ত সহজলভ্য মেটেকা কাটি আনি অৰ্ডাৰ অনুযায়ী সামগ্ৰী তৈয়াৰ কৰি বিক্ৰী কৰে এইসকল মহিলাই ৷ সেয়ে মহিলা কেইগৰাকীৰ বাবে আৱৰ্জনাৰ সলনি মেটেকা এতিয়া হৈ পৰিছে আয়ৰ অন্যতম উৎস ৷

লগতে চাওকঃসুচল যাতায়াতৰ অভাৱে দুৰ্ভোগ ভুগাইছে দলগাঁওবাসীক

ABOUT THE AUTHOR

...view details