অসম

assam

By

Published : Jul 19, 2020, 3:28 PM IST

ETV Bharat / state

বিশেষভাবে সক্ষম বনজিতে দেখুৱাইছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন

নলবাৰী জিলাৰ মাখিবাহাৰ বনজিৎ শৰ্মা নামৰ বিশেষভাবে সক্ষম যুৱকজনে থলুৱা,বিটেল আৰু ৰাম ছাগলীৰ ৪৫ তকৈ অধিক ছাগলী পুহি বছৰি 4 ৰ পৰা 5 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ প্ৰথম অৱস্থাত 2 টা ছাগলীৰে আৰম্ভ কৰা বনজিৎ বৰ্তমান অঞ্চলটোৰ এজন আদৰ্শ ছাগলী পালক হিচাপে পৰিগনিত হৈছে ৷ উচ্চতৰ মাধ্য়মিকৰ পৰীক্ষাত উত্তীৰ্ণ হৈ নিজৰ ঘৰতে ছাগলীৰ ফাৰ্ম আৰম্ভ কৰি পৰিয়াল পোহপাল দিয়াৰ উপৰিও আন লোককো সংস্থাপন দিবলৈ সক্ষম হৈছে ৷ ছাগলী পালক গৰাকী ৰাজ্যখনৰ নিবনুৱাৰ বাবে আদৰ্শ হৈ পৰিছে ৷

Goat farming In Assam Nalbari
বিশেষভাবে সক্ষম বনজিৎ দেখুৱাইছে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিৰ্দৰ্শন

নলবাৰী, 19 জুলাই : ক'ভিড-19 আৰু বানপানীৰ সন্ত্ৰাস চলি থকাৰ সময়তে নলবাৰী জিলাৰ এজন বিশেষভাবে সক্ষম যুৱকে দেখুৱাইছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন ৷ উচ্চ শিক্ষাৰে শিক্ষিত হৈ চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি ছাগলী পালনৰে মোকোলাইছে জীৱিকাৰ পথ ৷

নলবাৰী জিলাৰ মাখিবাহাৰ বনজিৎ শৰ্মা নামৰ যুৱকজনে থলুৱা,বিটেল আৰু ৰাম ছাগলীৰ ৪৫ তকৈ অধিক ছাগলী পুহি বছৰি 4 ৰ পৰা 5 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ প্ৰথম অৱস্থাত 2 টা ছাগলীৰে আৰম্ভ কৰা বনজিৎ বৰ্তমান অঞ্চলটোৰ এজন আদৰ্শ ছাগলী পালক হিচাপে পৰিগনিত হৈছে ৷ উচ্চতৰ মাধ্য়মিকৰ পৰীক্ষাত উত্তীৰ্ণ হৈ নিজৰ ঘৰতে ছাগলীৰ ফাৰ্ম আৰম্ভ কৰি পৰিয়াল পোহপাল দিয়াৰ উপৰিও আন লোককো সংস্থাপন দিবলৈ সক্ষম হৈছে ৷

আনহাতে, 35 বছৰীয়া যুৱকজনে বৰ্তমান 40 বিঘা কৃষি মাটি লীজত লৈ বিভিন্ন ধৰণৰ শস্য উৎপাদন কৰি আহিছে ৷ উল্লেখ্য যে, নলবাৰীৰ পাইকাৰকুছিস্থিত আৰছেটি নামৰ এটা প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি দুটা ছাগলীৰে জীৱিকা আৰম্ভ কৰা যুৱকজনে ৰাষ্ট্ৰীয় ঘৰচীয়া জন্তু আৰু পোহনীয়া চৰাই প্ৰদৰ্শনী ২০১৯ ত শ্ৰেষ্ঠ ছাগলী পালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।

বিশেষভাবে সক্ষম বনজিৎ দেখুৱাইছে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিৰ্দৰ্শন

উল্লেখযোগ্য যে, যিটো সময়ত চৰকাৰী চাকৰিৰ পিচত একাংশ যুৱক-যুৱতী সময় অতিবাহিত কৰি আহিছে তেনে সময়তে এই গৰাকী ছাগলী পালক ৰাজ্যখনৰ নিবনুৱাৰ বাবে আদৰ্শ হৈ পৰিছে ৷

লগতে পঢ়ক :ৰঙাপৰাত চোৰে লুটিলে লক্ষাধিক মূল্যৰ সামগ্ৰী

ABOUT THE AUTHOR

...view details