নলবাৰী, 4 জুলাইঃ বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় 70 তম বন মহোৎসৱ ৷ নলবাৰীত সামাজিক বনানীকৰণ বিভাগৰ সৌজন্যত 1 জুলাইৰ পৰা 7 জুলাইলৈ উদযাপিত হ'ব বন মহোৎসৱ ৷ মহোৎসৱ উপলক্ষে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেব চৌধুৰী উপস্থিত এখন সভা অনুষ্ঠিত কৰা উপৰিও কেইবাহাজাৰ গছ পুলি বিতৰণ কৰা হয় ৷
ৰাজ্যজুৰি পালন 70 তম বন মহোৎসৱ - নলবাৰী
নগাঁও, নলবাৰী আৰু তিনিচুকীয়াত বন মহোৎসৱৰ বৰ্ণাঢ্য কাৰ্যসূচী ৷
ৰাজ্যজুৰি পালন 70 তম বন মহোৎসৱ
নগাঁও বন বিভাগৰ উদ্যোগতো বুধবাৰে পালন কৰা হয় 70 সংখ্যক বন মহোৎসৱ সপ্তাহ । বন মহোৎসৱ সপ্তাহৰ লগত সংগতি ৰাখি নগাঁও বনাঞ্চলিক কাৰ্যলয়ৰ বিষয়া কৰ্মচাৰীয়ে নগাঁও চহৰৰ লাওখোৱা ৰোডৰ দুয়োকাষে ৰোপণ কৰে গছপুলি ।
আনহাতে, তিনিচুকীয়াৰ কাকপথাৰ কনিষ্ঠ মহাবিদ্যালয়ত ৰাজ্যৰ 70 তম বন মহোৎসৱ উদযাপন কৰে ৷ ডুমডুমা বন সংমণ্ডলৰ বহুকেইজন বিষয়া, ডুমডুমা আৰু কাকপথাৰ আঞ্চলিক বন কাৰ্যালয়ৰ বিষয়াসকল উপস্থিত থকা অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ চৌপাশে শতাধিক গছপুলি ৰোপণ কৰা হয় ৷