নলবাৰী, 29 এপ্ৰিল : নলবাৰীৰ নাট্য মন্দিৰ প্ৰাংগনত সমন্বয় গোষ্ঠী,নলবাৰীৰ উদ্যোগত আৰু ভাষা আৰু ভাষা বিজ্ঞান কেন্দ্ৰ,নলবাৰী মহাবিদ্যালয়ৰ সহযোগত আয়োজন কৰা হয় বিশেষ অন্তৰংগ আলাপ আৰু সম্বৰ্ধনা অনুষ্ঠানৰ । এই সম্বৰ্ধনা অনুষ্ঠানত নলবাৰীৰ বিভিন্ন দল-সংগঠনে ৰাজহুৱা সম্বৰ্ধনা জনায় পঞ্চাশ বছৰ অতিক্ৰম কৰা অসমৰ জনপ্ৰিয় আলোচনী "বিস্ময়"কৰ সম্পাদক শশী ফুকন আৰু ৰহস্য সাহিত্যিক তথা সাত শতাধিক গ্ৰন্থৰ ৰচক ৰঞ্জু হাজৰিকাক ।
নলবাৰীত শশী ফুকন আৰু ৰঞ্জু হাজৰিকাক সম্বৰ্ধনা
নলবাৰীৰ নাট্য মন্দিৰ প্ৰাংগনত সমন্বয় গোষ্ঠী,নলবাৰীৰ উদ্যোগত আৰু ভাষা আৰু ভাষা বিজ্ঞান কেন্দ্ৰ,নলবাৰী মহাবিদ্যালয়ৰ সহযোগত আয়োজন অন্তৰংগ আলাপ আৰু সম্বৰ্ধনা অনুষ্ঠানৰ ৷ এই অনুষ্ঠানত বিভিন্ন দল-সংগঠনে ৰাজহুৱা সম্বৰ্ধনা জনায় "বিস্ময়"ৰ সম্পাদক শশী ফুকন আৰু সাহিত্যিক ৰঞ্জু হাজৰিকাক ৷
নলবাৰীত অন্তৰংগ আলাপ আৰু সম্বৰ্ধনা অনুষ্ঠান
সম্বৰ্ধনা গ্ৰহণ কৰি দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে আৱেগিক হৈ পৰা বুলি প্ৰকাশ কৰাৰ লগতে নলবাৰীবাসীক ধন্যবাদ জ্ঞাপন কৰে । অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্য্য । অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ।