নলবাৰী,24 জানুৱাৰী :অখিল গগৈৰ মুক্তিৰ দাবীত নলবাৰীত অনশনত বহিল ৰাইজৰ দল ৷ উল্লেখযোগ্য যে, দেওবাৰে নলবাৰীলৈ আহিব ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ বিজেপিৰ বিজয় সংকল্প সমাৰোহত অংশ গ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ৷
আনহাতে তাৰ পূৰ্বে অখিল গগৈৰ মুক্তিৰ দাবীত শনিবাৰৰ বিয়লি 5 বজাৰ পৰা দেওবাৰৰ বিয়লি 5 বজালৈ 24 ঘন্টীয়া অনশন কাৰ্যসূচীত বহিছে ৰাইজৰ দল । জিলাখনৰ খনৰ ভূপেন হাজৰিকা শিশু উদ্যানৰ সন্মুখত অনশত বহে ৰাইজৰ দলৰ শতাধিক কৰ্মী ৷