অসম

assam

ETV Bharat / state

নলবাৰীৰ গণেশ জুৱেলাৰীৰ গহনাৰ চমৎকাৰ - নলবাৰী আৰক্ষী

নলবাৰী চহৰৰ এখন জুৱেলাৰী বৰ্তমান সংবাদ শিৰোনাম হৈ পৰিছে ৷ দীৰ্ঘদিনৰ পৰা সোণৰ আ-অলংকাৰ বিক্ৰী কৰি অহা এই জুৱেলাৰীখনক লৈ গ্ৰাহক এতিয়া আচৰিত ৷ কিয়নো ইয়াৰ পৰা কিনা অলংকাৰ দেখিলে চকু থৰ হৈ যাব সকলোৰে ৷

Fake gold business at Ganesh Jewellery
নলবাৰীৰ গণেশ জুৱেলাৰীত নকল সোণৰ বেহা

By

Published : Aug 5, 2021, 10:51 PM IST

Updated : Aug 9, 2021, 5:04 PM IST

নলবাৰী, 5 আগষ্ট : সোণৰ অলংকাৰৰ প্ৰতি আপোনাৰ বাৰু দুৰ্বলতা আছেনে ৷ হাতত, কাণত অথবা ডিঙিত সোণৰ অলংকাৰ এপদ পৰিধান কৰি আপুনিও নিশ্চয় সুখ অনুভৱ কৰে ৷ সোণ বুলি ক’লে সকলোৰে আংশিক হ’লেও মোহ থাকেই দিয়কচোন ৷ সোণৰ অলংকাৰ বিক্ৰী কৰা এখন বিশেষ বিপনীলৈ আপোনালোকক লৈ যাওঁ ব’লক ৷

আপুনি নলবাৰীৰ নেকি ? যদি হয়, তেন্তে গণেশ জুৱেলাৰীৰ নাম নিশ্চয় শুনিছে ৷ আপোনাৰ চিনাকী গণেশ জুৱেলাৰীয়ে বহু কষ্টৰ বলত আজি বাতৰিৰ শিৰোনাম দখ কৰিবলৈ সক্ষম হৈছে ৷ এই জুৱেলাৰীত নিৰ্মিত গহনা যিয়েই পিন্ধিছে, তেওঁ হয়তো পাহৰিব পৰা নাই ইয়াৰ মূল্য ৷ আপুনি নভৱা ধৰণৰ এক বিশেষত্ব আছে গণেশ জুৱেলাৰীৰ গহনাৰ ৷ অৱশ্যে এই গহনা পাবলৈ আপোনাৰ ভাগ্যও সুপ্ৰসন্ন হ’ব লাগিব ৷

লগতে পঢ়ক:আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তনৰ দাবীত AJYCP ৰ প্ৰতিবাদ

কেইদিনমান পূৰ্বে এগৰাকী গ্ৰাহকে এই জুৱেলাৰীৰ পৰা ক্ৰয় কৰিছিল এটা আঙুঠি আৰু এডাল সোণৰ চেইন ৷ তেওঁ হয়তো ভবাই নাছিল যে, বিপনীখনৰ সেই ভাগ্যবান গ্ৰাহকজন তেৱেঁই হ’ব ৷ চেইন-আঙুঠি কিনি পৰিধান কৰাৰ কেইদিনমান পাচতে বসন্ত কালত গছে পাত সলোৱাৰ দৰে বৰণ সলালে অলংকাৰ দুপদে ৷ এই ঘটনা দেখি গ্ৰাহকগৰাকীৰ চকু কপালত উঠিল ৷

নলবাৰীৰ গণেশ জুৱেলাৰীত নকল সোণৰ বেহা

ইয়াতকৈ বেদনা জানো কিবা লাগে, যেতিয়া বিশ্বাস কৰি গহনা কিনোতে বেপাৰীয়ে ঠগে ৷ গ্ৰাহকৰ নাম নৃপেন ডেকা ৷ নতুন ৰং লোৱা গহনা লৈ নৃপেন ডেকা পালেহি গণেশ জুৱেলাৰী ৷ স্বত্বাধিকাৰীৰ লগতে কৰ্মচাৰীক সুধিলে এয়া যাদু নে ঠগ বাজি ? বেপাৰীয়েনো কিয় সঁচাতো ক’ব, নহ’লে যে বেপাৰত মুদা মৰিব ৷ ওলোটাই নৃপেন ডেকাক দিলে ধমক, ক’লে বেছি উৎপাত কৰিলে মাতিম পুলিচক ৷

পিচে নৃপেন ডেকাও নহয় সুদা ৷ খবৰ দিলে নলবাৰী আৰক্ষীক ৷ খবৰ পোৱা মাত্ৰেই আৰক্ষী আহি উপস্থিত হ’ল গণেশ জুৱেলাৰীত ৷ চলিল তালাচী, আন দুই একো আহিল খবৰ ল’বলৈ কি বা হৈছে বুলি ৷ লাগিল হুলস্থুল, সকলোৱে বোলে কিয় বেচিব নকল সোণ ৷ পৰিস্থিতি গুৰুতৰ হোৱাত আৰক্ষীয়ে পাৰ্যমানে নিয়ন্ত্ৰণৰ চেষ্টা চলায় ৷

সোণ বুলি কেমিকেল বেচা গণেশ প্ৰসাদৰ জুৱেলাৰী বদনামী হ’ল ৷ কাললৈ তেওঁৰ কু-কৰ্মৰ এই খ্যাতি ৰৈ গ’ল ৷ এবাৰ নকল সোণ বেচা বুলি নাম ওলালেই যেতিয়া, অলংকাৰ বিচাৰি আহিব জানো গ্ৰাহক ? সকলোৱেতো গম পালে গণেশ জুৱেলাৰী যে ঠগ-প্ৰৱঞ্চক ৷

সাৱধান, সোণ কিনে কিনক ৷ কিন্তু দোকানতেই ভালদৰে পৰীক্ষা কৰক ৷ নহ’লে আপুনিও ঠগ খাব পাৰে নৃপেন ডেকাৰ দৰেই ৷ কথাতে কয় নহয় বাচি খাবা জাগি শুৱা ৷

লগতে পঢ়ক:মমতা বেনাৰ্জীৰ সৈতে হাত মিলাব নেকি অখিল গগৈয়ে ?

Last Updated : Aug 9, 2021, 5:04 PM IST

ABOUT THE AUTHOR

...view details