অসম

assam

ETV Bharat / state

মৈৰাদাঙাৰ গৰেমাৰাত অব্যাহত পাগলাদিয়াৰ খহনীয়া

মৈৰাদাঙাৰ গৰেমাৰাত পাগলাদিয়া নৈৰ খহনীয়া অব্যাহত(Erosion by Pagladia river near Moiradanga) । বৰ্তমানলৈকে নৈৰ বুকুত 15 টাকৈ পৰিয়ালৰ বাসগৃহ জাহ যোৱাৰ পিছত পঞ্চাশতকৈও অধিক পৰিয়ালৰ জীৱনলৈ নামি আহিছে শংকা ৷ এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কিন্তু তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

By

Published : May 21, 2022, 4:12 PM IST

erosion-by-pagladia-river-near-moiradanga-nalbari
গৰেমাৰাত পাগলাদিয়াৰ খহনীয়া অব্যাহত

নলবাৰী, 21 মে’:ব্যাপক খহনীয়া অব্যাহত আছে নলবাৰীৰ উত্তৰ অংশৰ মৈৰাদাঙা-গৰেমাৰা অঞ্চলত(Erosion by Pagladia river near Moiradanga) ৷ অঞ্চলটোৰ সমীপেৰে বৈ যোৱা পাগলাদিয়া নদীৰ বুকুত জাহ গৈছে বহু পৰিয়ালৰ বাসগৃহৰ লগতে খেতি-মাটি ৷ প্ৰতি বছৰে বাৰিষা আহিলেই একপ্ৰকাৰ শংকাত দিন পাৰ কৰিবলগীয়া হয় এই অঞ্চলৰ লোকসকলে ৷

লগতে চাওক:বৰক্ষেত্ৰীৰ চৰাঞ্চলত গৰাখহনীয়া আৰু বাঢ়নী পানীৰ তাণ্ডৱ

বৰ্তমানলৈকে নৈৰ বুকুত 15 টাকৈ পৰিয়ালৰ বাসগৃহ জাহ যোৱাৰ পিছত পঞ্চাশতকৈও অধিক পৰিয়ালৰ জীৱনলৈ নামি আহিছে শংকা ৷ এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কিন্তু তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

গৰেমাৰাত পাগলাদিয়াৰ খহনীয়া অব্যাহত

বৰ্তমান গৰেমাৰাৰ 35 টাকৈ পৰিয়ালে বিনিদ্ৰ ৰজনী কটাই অহা বুলি জানিব পৰা গৈছে ৷ কাৰণ অঞ্চলটোৰ 20 মিটাৰতকৈও অধিক ভূমি পাগলাদিয়াৰ বুকুত ইতিমধ্যে বিলীন হৈ পৰিছে(Erosion at north part of Nalbari) ৷ যাৰ বাবে ঘৰ-বাৰী এৰি নিৰাপদ আশ্ৰয়স্থললৈ ঢাপলি মেলিছে নৈপৰীয়া লোকসকলে ৷

তদুপৰি গাঁৱখনৰ অধিকাংশ লোকে নিশা হ’লেই ব্যৱস্থা কৰিছে পহৰা দিয়াৰ ৷ প্ৰকৃততে খৰালিৰ সময়চোৱাত কোনো ধৰণৰ খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে বাৰিষা এনেদৰে ককবকাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে মৈৰাদাঙা-গৰেমাৰাবাসীয়ে ৷

লগতে চাওক:নলবাৰীৰ উত্তৰ বালিত মৰা পাগলাদিয়া নৈৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details