নলবাৰী, 23 ফেব্ৰুৱাৰী :এসপ্তাহৰ ভিতৰত জাৰি হ'ব নিৰ্বাচনী অধিসূচনা, ঘোষণা হ'ব বিধায়ক সভা নিৰ্বাচনৰ দিন । মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই মঙলবাৰে ঘোষণা কৰে এই কথা ৷ সাংসদগৰাকীয়ে নিজ জন্মভূমি নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰৰ দেহাৰকুছি গাঁও পঞ্চায়ত পুৰ্ণকাদেৱত অনুষ্ঠিত হোৱা পথৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে ।
সাংসদ দিলীপ শইকীয়াই নলবাৰী বিধায়ক অশোক শৰ্মা, অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত লোক নিৰ্মাণ বিভাগ, অসম উত্তৰণ প্ৰকল্পৰ ২০২০-২০২১ বৰ্ষৰ অধীনত প্ৰায় ১০ কোটি ব্যয়ৰে পুৰ্ণকামদেৱৰ পৰা লৰমা হৈ দেহাৰকুছি আৰু নামখালাৰ পৰা বৰখালা হৈ জি.বি.বি পথলৈ সংয়োগী পথছোৱাৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভনি কৰে । বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক মৃগেন শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত সাংসদগৰাকীয়ে বিজেপি চৰকাৰ শাসনত অহাৰ পাছৰে পৰা এই চৰকাৰ খনে ৰাস্তা-ঘাটৰ উন্নতিকৰণৰ দ্বাৰা যোগাযোগ ব্যৱস্থাৰ সুচল কৰি দেশৰ প্ৰতিটো অঞ্চলৰ উন্নতি সাধনৰ ওপৰত বিশেষভাবে গুৰুত্ব অৰ্পণ কৰা বুলি মন্তব্য কৰে । অনুষ্ঠানটোত উপস্থিত থাকি নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই ভাষণত কংগ্ৰেছে বিগত শাসন কালত উন্নয়নৰ বিপৰীতে আধাৰশিলা ৰাজনীতি কৰিছিল বুলি সদৰী কৰে । বিজেপি চৰকাৰৰ উন্নয়মূলক কামৰ বাবে পুনৰ অসম বিজেপি চৰকাৰৰ হোৱাৰ লগতে সৰ্বানন্দ সোনোৱাল পুনৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব বুলি বিধায়কগৰাকীয়ে দাবী কৰে ।