অসম

assam

ETV Bharat / state

সাপকাটাত ৰাইজৰ ৰোষত দুই ড্ৰাগছ আসক্ত যুৱক - মুকালমুৱা আৰক্ষী

মুকালমুৱাৰ সাপকাটা ৰাইজৰ ৰোষত দুই ড্ৰাগছ আসক্ত যুৱক ৷ ৰাইজে দুই যুৱকক আটকৰি মুকালমুৱা আৰক্ষীক গতাই দিয়ে ৷ যুৱক দুজনৰ পৰা নিচা জাতীয় টেবলেট জব্দ কৰা হৈছে বুলি জানিবলৈ দিছে ৰাইজে ৷

Drugs Addicted Youth
মুকালমুৱাৰ সাপকাটা ৰাইজৰ ৰোষত দুই ড্ৰাগছ আসক্ত যুৱক

By

Published : Jul 23, 2021, 8:02 AM IST

নলবাৰী, 21 জুলাই :ড্ৰাগছৰ দৰে অবৈধ নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী যি ধৰণে তৎপৰ হৈছে সেই একেধৰণে সাধাৰণ ৰাইজো ড্ৰাগছৰ বিৰুদ্ধ সচেতন হোৱা পৰিলক্ষিত হৈছে ৷ বৃহস্পতিবাৰে নলবাৰীৰ জিলাৰ মুকালমুৱাৰ সাপকাটা ৰাইজৰ ৰোষত পৰে দুই ড্ৰাগছ আসক্ত যুৱক ৷ যুৱক দুজনৰ পৰা কিছু পৰিমাণৰ নিচা জাতীয় টেবলেট উদ্ধাৰ কৰে ৰাইজে ৷

মুকালমুৱা ৰাইজে সদৰি কৰা মতে, কিছু দিনৰ পূৰ্বৰে পৰা যুৱক দুজনে ড্ৰাগছ সেৱন কৰা বুলি সন্দেহ প্ৰকাশ কৰিছিল সাপকাটাৰ একাংশ সচেতন লোকে ৷ তেতিয়াৰ পৰাই যুৱক দুজনৰ ওপৰত নজৰ ৰাখিছিল ৰাইজে ৷ সেই অনুপাতে ড্ৰাগছ ক্ৰয় কৰিবলৈ অহাৰ সময়তে যুৱক দুজনক আটক কৰা হয় বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

মুকালমুৱাৰ সাপকাটা ৰাইজৰ ৰোষত দুই ড্ৰাগছ আসক্ত যুৱক

যুৱক দুজনৰ ওচৰত নিচা জাতীয় সামগ্ৰী লাভ কৰা পাচতে সাপকাটা গাঁৱৰ ৰাইজে দুয়োকে ৰছীৰে বান্ধি থয় ৷ যুৱক দুজনৰ নাম ক্ৰমে বৰলিয়াৰপাৰ গাঁৱৰ ৰাজু আহমেদ আৰু আব্বাচ আলী বুলি জানিব পৰা গৈছে ৷ AS-14K-2514 নম্বৰৰ এখন বাইকেৰে আহিছিল ড্ৰাগছ আসক্ত যুৱক দুজন ৷

যুৱক দুজনক আটক কৰাৰ পাচতে ৰাইজে মুকালমুৱা আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষীৰ এটা দল আহি সকলো কথাৰ বুজ লয় আৰু দুয়োকে নিজৰ জিম্মাত লয় আৰক্ষীয়ে ৷ ইফালে, স্থানীয় লোকে সদৰি কৰা মতে ড্ৰাগছ আসক্ত দুই যুৱকে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী নাম ৰাইজৰ আগত সদৰি কৰিছে ৷

ৰাইজৰ অভিযোগ অনুসৰি, মুকালমুৱা অঞ্চলত এতিয়াও বহু লোকে ড্ৰাগছ সৰবৰাহ অব্যাহত ৰাখিছে ৷ ড্ৰাগছ সৰাবৰাহৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসন কঠোৰ হৈছে যদিও তাৰ মাজতে বহু সৰবৰাহকাৰী বাচি গৈছে বুলি মন্তব্য প্ৰকাশে কৰে স্থানীয় লোকে ৷ গতিকে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰু অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নলবাৰী জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে মুকালমুৱা ৰাইজে ৷

লগতে পঢ়ক: আঢ়ৈ মাহৰ অন্তত মুকলি গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ'পৱে সেৱা

ABOUT THE AUTHOR

...view details