অসম

assam

By

Published : May 18, 2021, 10:59 PM IST

ETV Bharat / state

নলবাৰীৰ ক’ভিড তথ্য

নলবাৰী জিলাত মুঠ আক্ৰান্তৰ সংখ্যা 3815 গৰাকী । মঙলবাৰৰ দিনটোত নতুনকৈ ক’ভিড-19 ত আক্ৰান্ত হ’ল 158 গৰাকীকৈ লোক ৷

covid-update-of-nalbari
নলবাৰীৰ ক’ভিড তথ্য

নলবাৰী, 18 মে': ৰাজ্যত সৰ্বত্ৰে বৃদ্ধি পাইছে ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ ক’ভিডৰ দ্বিতীয় ঢৌত নলবাৰী জিলাত মুঠ আক্ৰান্তৰ সংখ্যা 3815 গৰাকী বৃদ্ধি পালে । ইয়াৰে মঙলবাৰৰ দিনটোত নতুনকৈ ক’ভিড-19 ত আক্ৰান্তহল 158 গৰাকী লোক ।

জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি এইপৰ্যন্ত জিলাখনত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা 2358 গৰাকী ৷ বৰ্তমান ইয়াৰে 2067 গৰাকী ক’ভিড ৰোগী হোম আইচ'লেশ্যনত আছে ৷

নলবাৰীৰ ক’ভিড তথ্য

তদুপৰি নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 100 গৰাকী, বেলশৰ মডেল হাস্পতালত 34 গৰাকী আৰু মাখিবাহা আদৰ্শ হাস্পতালত আছে 35 আৰু মহাত্মা গান্ধী মডেল হাস্পতালত খাটিকুছিত 34 গৰাকী আৰু সাৰথি হস্পিতালত 23 গৰাকী ক’ভিড ৰোগী চিকিৎসা ধীন হৈ থকাৰ কথা উল্লেখ কৰিছে ।

উল্লেখ্য যে, জিলাখনৰ মুঠ 65 গৰাকীকৈ ক’ভিড ৰোগীক উন্নত চিকিৎসাৰ বাবে GMCH ,MMCH আৰু কালাপাহাৰ ক’ভিড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক :গ্ৰাম্যাঞ্চলত কিদৰে চলিছে ক’ভিডৰ চিকিৎসা সেৱা ?

ABOUT THE AUTHOR

...view details