নলবাৰী, 1 চেপ্টেম্বৰ: সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ শিল্পী সন্থাৰ উদ্যোগত মঙলবাৰে নলবাৰী চহৰস্থিত হৰিমন্দিৰ প্ৰাংগনত এখন আলোচনাচক্ৰ ও মত বিনিময় অনুষ্ঠান আয়োজন কৰা হয় ।
লক ডাউনৰ সময়চোৱাত শিল্পী সকলে থিয়েটাৰৰ মঞ্চ এৰিব লগা হৈছে । যাৰবাবে থিয়েটাৰত জড়িত শিল্পী সকলৰ লগতে কলা কুশলীৰ লগত জড়িত ব্যক্তি সকল আৰ্থিক দীনতাত ভুগিব লগীয়া হৈছে । তাৎপৰ্যপূৰ্ণ বিষয় যে, যোৱা কিছুদিন পূৰ্বে চৰকাৰে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান খুলি দিছে যদিও সেই অনুষ্ঠানত ১০০ জনতকৈ বেছি জনসমাগম হ'ব নোৱাৰিব । কিন্তু ১০০ জন ব্যক্তিৰ উপস্থিতিত এখন ভ্ৰাম্যমাণ থিয়েটাৰ নচলিব আৰু থিয়েটাৰ কৰ্তৃপক্ষ লোকচানৰ সন্মুখীন হ‘ব । যাৰ বাবে এইবেলি থিয়েটাৰ আয়োজন কৰিব নোৱাৰিব বুলিও শিল্পী সকলে সন্দেহ প্ৰকাশ কৰিছে । আজি অনুষ্ঠিত এই আলোচনা চক্ৰত উক্ত বিষয় সন্দৰ্ভত বিতং ভাৱে আলোচনা কৰা হয় ।