নলবাৰী, 10 ছেপ্টেম্বৰ : সমগ্ৰ বিশ্বৰ লগতে দেশ আৰু ৰাজ্যত প্ৰতিদিনে ক’ভিড ১৯য়ে যথেষ্ট লোকৰ প্ৰাণ কাঢ়ি নিছে ৷ তথাপিও বিভিন্ন লোকে আজিও সজাগতা অবিহনে বাটে মাস্ক পৰিধান নকৰাকৈ বাট পথে এনে ঘূৰি ফুৰে । তেনে একাংশ লোকক সজাগ কৰাৰ উদ্দেশ্যে নলবাৰীৰ সাংবাদিক আৰু স্থানীয় ৰাইজৰ সহযোগত সজাগতা সমদল বাহিৰ কৰে।
নলবাৰীত সাংবাদিক আৰু ৰাইজৰ সহযোগত সজাগতা সমদল - সাংবাদিক
নলবাৰীৰ সাংবাদিক আৰু স্থানীয় ৰাইজৰ সহযোগত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এক সমদল বাহিৰ কৰে ৷ এই সমদল উদ্বোধন নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদে ।
সজাগতা সমদল
এই সমদল উদ্বোধন কৰে নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদে । নলবাৰী থানা চকৰ পৰা আৰম্ভ হোৱা সমদলত পথে পথে সভা কৰি সজাগতাৰ চেষ্টা চলায় । ইফালে সাংবাদিক সকলে মাস্ক পৰিধান নকৰা লোকক মাস্ক বিতৰণ কৰে । এই সজাগতা ৰেলীত নলবাৰী জিলা ছাত্র সন্থা ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল সংগঠনৰ লোক উপস্থিত থাকে ।
লগতে পঢ়ক :25 ছেপ্তেম্বৰৰ পৰা 30 টা সংগঠনে ৰূপায়ন কৰিব মানৱ শৃংখল কাৰ্যসূচী