নলবাৰী,২৩ ফেব্ৰুৱাৰী:ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে নলবাৰীতো কংগ্ৰেছ দলে মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । পেট্ৰ'ল, ডিজেল,ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে চহৰৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছৰ শতাধিক নেতা-কৰ্মীয়ে । দলৰ পুৰুষ-মহিলা কৰ্মীসকলে সন্মুখত প্ৰতীকিৰূপত ৰন্ধন গেছৰ চিলিণ্ডাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে । লগতে তেওঁলোকে চহৰ খনত এক প্ৰতিবাদী সমদলৰো আয়োজন কৰে ।
নলবাৰীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ - কংগ্ৰেছ দলে ৰাজ্যজুৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত সাব্যস্ত কৰে
কংগ্ৰেছ দলে ৰাজ্যজুৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত সাব্যস্ত কৰে । নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগতো চহৰখনত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।
নলবাৰীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
কংগ্ৰেছ নেতা তথা নলবাৰী সমষ্টিৰ আগন্তুক নিৰ্বাচনৰ কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থী প্ৰদ্যুৎ ভূঞা আৰু জিলা কংগ্ৰেছৰ কৰ্মীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অতি শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় ।
লগতে পঢ়ক:যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান