নলবাৰী, 3 অক্টোবৰ: নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনিৰে কংগ্ৰেছে সাব্যস্ত কৰিলে প্ৰতিবাদ। উত্তৰ প্ৰদেশৰ ধৰ্ষণ কাণ্ডক লৈ সমগ্ৰ দেশ জোকাৰি যোৱাৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভুক্তভোগী পৰিয়ালটোৰ খবৰ ল’বলৈ যাওঁতে আৰক্ষীয়ে নিৰ্মমভাবে প্ৰহাৰ কৰি অপদস্থ কৰাৰ প্ৰতিবাদত শনিবাৰে নলবাৰী জিলা কংগ্ৰেছ কমিটিয়ে নলবাৰী সদৰ থানাৰ সন্মুখত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু যোগী আদিত্যনাথৰ প্ৰতিকৃতি দাহ কৰি উক্ত ঘটনাৰ প্ৰতিবাদত ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ।
‘‘নৰেন্দ্ৰ মোদী জিন্দাবাদ’’ ধ্বনি দি জ্বলালে মোদীৰ পুত্তলিকা - উত্তৰ প্ৰদেশ
প্ৰতিবাদ চলি থকাৰ সময়তে একাংশ কংগ্ৰেছ কৰ্মীৰ মাজত লাগিল হাহাকাৰ । ভুলঃবশত নৰেন্দ্ৰ মোদী মূর্দাবাদ ধ্বনিৰ পৰিৱৰ্তে জিন্দাবাদ ধ্বনি দিয়াৰ বাবেই একাংশ কৰ্মীৰ মাজত হাহাকাৰৰ সৃষ্টি হয় ।
কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অঘটনঃ দিলে নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনি
কিন্তু এই প্ৰতিবাদ চলি থকাৰ সময়তে একাংশ কংগ্ৰেছ কৰ্মীৰ মাজত লাগিল হাহাকাৰ । ভুলবশতঃ নৰেন্দ্ৰ মোদী মূর্দাবাদ ধ্বনিৰ বিপৰীতে জিন্দাবাদ ধ্বনি দিয়াৰ বাবেই একাংশ কৰ্মীৰ মাজত হাহাকাৰৰ সৃষ্টি হয় ।
লগতে পঢ়ক: শিলত চিত্ৰ অংকনেৰে কৰ’ণাৰ বিৰুদ্ধে সজাগতা সৃষ্টি