নলবাৰী, 5 এপ্ৰিল : কোন হয় চাং চুং লিং ? 20 হাজাৰ কোটি টকা কাৰ ? নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পৃথ্বিৰাজ সাথেয়ে আজি এই প্ৰশ্ন উত্থাপন কৰে । চাং চুং লিঙৰ জৰিয়তে আদানী গ্ৰুপে ধন বিনিয়োগ কৰিছে বুলি উল্লেখ কৰে সাথে । নলবাৰীৰ ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত পৃথ্বিৰাজ সাথে আগবঢ়ায় এই বিষ্ফোৰক মন্তব্য (Congress press meet in Nalabari) ।
আজি নলবাৰীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলখনত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনক তীব্ৰ সমালোচনা কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকগৰাকীয়ে । আদানী গ্ৰুপৰ জৰিয়তে বিশ হেজাৰ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ তোলে নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক পৃথ্বিৰাজ সাথে । আনহাতে, সম্পাদক পৃথ্বিৰাজ সাথেই অভিযোগ কৰে যে চাং চুং লিঙৰ জৰিয়তে 20 হেজাৰ কোটি টকা ব্যৱসায়ৰ বাবে খটুৱাইছে আদানী গ্ৰুপে । এই বিশ হাজাৰ কৌটি টকাৰ হিচাপ কেন্দ্ৰীয় চৰকাৰে কিয় নিদিয়ে বুলিও প্ৰশ্ন উত্থাপন কৰে পৃথ্বিৰাজ সাথে (Prithviraj Sathe press meet in Nalabari )।
তদপৰি, ৰাহুল গান্ধী প্ৰসংগতো সৰৱ হৈ পৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকগৰাকী ৷ নীৰৱ মোডী, সুশীল মোডীৰ প্ৰসংগত মোডী উপাধিৰ লোকবোৰ চোৰ বুলি কোৱাৰ পিচত পূৰ্ণেশ মোডীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হয় । পৰৱৰ্তী সময়ত ন্যায়ালয়ে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰে আৰু ৰাহুলৰ সাংসদ পদ খাৰিজ কৰা হয় (Rahul Gandhi disqualification) ।