নলবাৰী, 1 জানুৱাৰীঃ নলবাৰীৰ উলুবাৰীৰ দাহুদীত উত্তপ্ত পৰিস্থিতি । নলবাৰী চামতা পথেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সৰ্থেবাৰীলৈ গৈ থকা অৱস্থাত শতাধিক আছু কৰ্মীয়ে কলা পতাকা দেখুওৱাৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । আৰক্ষীয়ে খেদি খেদি প্ৰহাৰ কৰিলে প্ৰতিবাদকাৰী আছু কৰ্মীক । প্ৰহাৰক লৈ আছু আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় তীব্ৰ বাক-বিতণ্ডা । আৰক্ষীয়ে আছু কৰ্মীক প্ৰহাৰ কৰাৰ প্ৰতিবাদত প্ৰতিবাদকাৰীয়ে ৰাজপথ অৱৰোধ কৰি উত্তপ্ত কৰি তোলে পৰিৱেশ ।
নলবাৰীত উত্তপ্ত পৰিস্থিতি, কলা পতাকা প্ৰদৰ্শন মুখ্যমন্ত্ৰীক - নলবাৰীত উত্তপ্ত পৰিস্থিতি
নলবাৰী চামতা মাজেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সৰ্থেবাৰীলৈ গৈ থকা অৱস্থাত শতাধিক আছু কৰ্মীয়ে কলা পতাকা দেখুওৱাৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । আৰক্ষীয়ে খেদি খেদি প্ৰহাৰ কৰিলে প্ৰতিবাদকাৰী আছু কৰ্মীক ৷
নলবাৰীত উত্তপ্ত পৰিস্থিতি, কলা পতাকা প্ৰদৰ্শন মুখ্যমন্ত্ৰীক
ইফালে, নৱবৰ্ষৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীক প্ৰদৰ্শন কৰিলে কলা পতাকা । সৰ্থেবাৰী নসত্ৰ কৃষ্ণ গুৰু সেৱাশ্ৰমত যোৱা পথত নলবাৰীৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মুখ্যমন্ত্ৰী প্ৰদৰ্শন কৰিলে কলা পতাকা । আৰক্ষীয়ে আটক কৰিলে যুৱ ছাত্ৰ পৰিষদৰ দুজন সদস্যক । নলবাৰী চামতা সৰ্থেবাৰীত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ।
আৰু পঢ়কঃ প্লাষ্টিকমুক্ত পৃথিৱীৰ প্ৰত্যাশাৰে সংকল্পবদ্ধ এদল যুৱক-যুৱতী