অসম

assam

ETV Bharat / state

নলবাৰীৰ ঐতিহাসিক নাওঁখেল উপভোগ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে - Sarbananda Sonowal

পৱিত্ৰ জন্মাষ্টমী উপলক্ষে নলবাৰীত অনুষ্ঠিত হোৱা ঐতিহাসিক নাওঁখেল উপভোগ কৰিবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী সোণোৱাল ৷ জন্মাষ্টমীৰ পৱিত্ৰ তিথিত ৰাজ্যখনৰ শান্তি-প্ৰগতিৰ অৰ্থে ভগৱান শ্ৰীকৃষ্ণৰ আশীস লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

নলবাৰীৰ ঐতিহাসিক নাওঁখেল উপভোগ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

By

Published : Aug 23, 2019, 10:16 PM IST

নলবাৰী, 23 আগষ্টঃশ্ৰী কৃষ্ণ জন্মাষ্টমী উপলক্ষে শান্তি-সম্প্ৰীতিৰ বাৰ্তা বিলাই নলবাৰীৰ উলাবৰিত হিতসাধিনী পুথিভঁৰালৰ উদ্যোগত অনুষ্ঠিত হৈছে ঐতিহাসিক নাওঁখেল । মহাৰজত জয়ন্তী বৰ্ষত ভৰি দিয়া এই পৰম্পৰাগত নাওঁখেল প্ৰতিযোগিতাখন পুৱা উদ্বোধন কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে । ইয়াৰ পিছতে নাওঁখেল প্ৰতিযোগিতা উপভোগ কৰিবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । নাওঁখেলৰ লগতে শ্ৰীকৃষ্ণ জন্মাষ্টমি উপলক্ষে স্থানীয় বিধায়ক নাৰায়ণ ডেকাৰ সভাপতিত্বত এখন মুকলি সভাও অনুষ্ঠিত হয় । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত এই সভাত ৰাজহ মন্ত্ৰী ভবেশ কলিতা, অসম খাদী বোৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতা, সাংসদ কুইন ওজা, বিধায়ক প্ৰশান্ত ফুকন, বিজেপি নেতা শান্তনু ভৰালীকে আদি কৰি আন কেইবাজনো প্ৰশাসনিক বিষয়া উপস্থিত থাকে ৷

নলবাৰীৰ ঐতিহাসিক নাওঁখেল উপভোগ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ABOUT THE AUTHOR

...view details