নলবাৰী, 29 ডিচেম্বৰ :শেহতীয়াকৈ দুচকীয়া বাহনৰ চালকৰ লগতে আৰোহীয়েও হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে জিলাই জিলাই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী তথা প্ৰশাসনে । বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বিভাগীয় আয়ুক্ত আৰু সচিবৰ তত্বাৱধনাত হেলমেট নিপিন্ধা চালক-আৰোহী তথা যান বাহনৰ আইন অমান্যকাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান অব্যাহত আছে (Barpeta police strictly implement helmet rules, slap fines)৷
মঙলবাৰে নলবাৰী জিলা পৰিবহণ বিভাগে হেলমেট পৰিধান নকৰা লোকসকলৰ বিৰুদ্ধে অভিযান চলায় (Challan for riding without helmet in nalbari) । মঙলবাৰে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলবাৰী জিলাৰ ঘগ্ৰাপাৰত জিলা পৰিবহণ বিভাগে হেলেমট নিপিন্ধা বাইক চালক-আৰোহীৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে আইন উলংঘাকাৰীৰ বিহিলে জৰিমনা ৷ লগতে চালক-আৰোহী সকলোৱে হেলেমট পিন্ধি বাইক চলাবলৈ জিলা পৰিবহণ বিভাগৰ তৰফৰ পৰা সকলোকে জনালে আহ্বান ৷