অসম

assam

ETV Bharat / state

নিৰ্বাচন আহে আৰু যায়, কিন্তু ৰাইজৰ উন্নয়নহে নহয় ! - গড়কাপ্তানী বিভাগ

নলবাৰীৰ আমনি বাবা থানৰ সমীপৰ বুঢ়াদিয়া নৈৰ কাঠৰ দলঙখনৰ বাবে জীয়াতু ভুগিব লগীয়া হৈছে নলবাৰীৰ সাধাৰণ ৰাইজে ৷ চৰকাৰৰ এই দলঙখনৰ ওপৰত গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ

নিৰ্বাচন আহে আৰু যায়, কিন্তু ৰাইজৰ উন্নয়নহে নহয় !

By

Published : Apr 8, 2019, 9:50 AM IST

নলবাৰী , 8 এপ্ৰিলঃ নলবাৰীৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে নলবাৰীৰ সাধাৰণ ৰাইজ ৷ এই দলঙখন নলবাৰীৰ আমনি বাবা থানৰ সমীপৰ বুঢ়াদিয়া নৈৰ কাঠৰ দলং ৷

নিৰ্বাচন আহে আৰু যায়, কিন্তু ৰাইজৰ উন্নয়নহে নহয় !

এই কাঠৰ দলঙখনৰ ওপৰৰে নিতৌ বিপদসংকুল ভাৱে শ শ যাত্ৰীয়ে টিহু, চামতাৰ লগতে বিভিন্ন ঠাইলৈ যাতায়ত কৰে ৷ ৰাইজৰ অভিযোগ অনুসৰি বিগত বাৰিষাৰ বানত দলঙখলন উটি যোৱাৰ পাচতো গড়কাপ্তানী বিভাগে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ ইপিনে ধৰ্মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক এই সন্দৰ্ভত বাৰম্বাৰ ৰাইজে অৱগত কৰাৰ পিচতো মন্ত্ৰী গৰাকীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ দিয়ে স্থানীয় ৰাইজে । উল্লেখযোগ্য যে ৰাইজে এই দলঙখন নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰি আহিছে যদিও আজিকোপতি এই জৰাজীৰ্ণ দলঙখন স্থানীয় মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম নোহোৱাৰ অভিযোগ ৰাইজৰ ৷ এতিয়া প্ৰশ্ন হয় উন্নয়নৰ দম্ভালি মৰা বিজেপি নেতৃত্বধীন চৰকাৰৰ চকুত কেতিয়া পৰিব আধা কাঠ আৰু আধা বাঁহৰে নিৰ্মিত এই দলঙখন ।

ABOUT THE AUTHOR

...view details