নলবাৰী, 10 এপ্ৰিল: ৰাইজে ৰজা পাতি দিল্লী-দিশপুৰলৈ পঠিওৱা নেতা মন্ত্ৰী-বিধায়কে নিৰ্বাচনৰ পাচতে পাহৰি পেলায় সাধাৰণ জনতাক ৷ ইয়াৰে এক বাস্তৱ ছবি বুধবাৰে প্ৰতিফলিত হ'ল বৰক্ষেত্ৰীত ৷ দেশত এতিয়া লোকসভা নিৰ্বাচনৰ বলিছে গৰম বতাহ ৷ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে দেশৰ বিভিন্ন ৰাজনৈতিক দল সমূহ ৷ সমান্তৰালভাৱে অসমতো বলিছে লোকসভা নিৰ্বাচনৰ উতলা বতাহ ৷ উল্লেখযোগ্য যে 7 নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই বৰক্ষেত্ৰীত চলালে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷
বিজেপিৰ ৰেলী : ৰাজপথত চটফটাই থাকিল ৰোগী - BJP RALLY
পথত বহু সময় আৱদ্ধ ৰোগীসহ এম্বুলেঞ্চ ৷ যাঁন-জট নিয়ন্ত্ৰণত চূড়ান্ত ব্যৰ্থ মুকালমুৱা আৰক্ষী ৷ দুখনকৈ ৰোগী কঢ়িওৱা এম্বুলেঞ্চে বহু সময় ধৰি চাইৰেণ বজাই থকাৰ পাচতো বাট মুকলি কৰি দিয়া নাছিল বিজেপিৰ সমৰ্থকসকলে ৷
বৰক্ষেত্ৰীৰ পূৱ প্ৰান্তৰ কুৰিহাৰ পৰা বৰক্ষেত্ৰীৰ বিজেপি বিধায়ক নাৰায়ন ডেকা সহ বিজেপিৰ হেজাৰ,হেজাৰ সমৰ্থকে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৰাকীক এক বৃহৎ ৰেলীৰে আদৰি আনিছিল বৰক্ষেত্ৰীলৈ ৷ ফলত তীব্ৰ যাঁনযটৰ সৃষ্টি হৈছিল গুৱাহাটী-বৰপেটা পথচোৱাত ৷ কুইন ওজাৰ বৃহৎ ৰেলীটো ঘোগা গাঁৱৰ মাজেৰে সোমাঁওতেই গুৱাহাটী-বৰপেটাৰ পথৰ ঘোগা চকত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ দুখনকৈ ৰোগী কঢ়িওৱা এম্বুলেঞ্চে বহু সময় ধৰি চাইৰেণ বজাই থকাৰ পাচতো বাট মুকলি কৰি দিয়া নাছিল বিজেপিৰ সমৰ্থকসকলে ৷ এম্বুলেঞ্চৰ ভিতৰত চটফটাই থাকিল ৰোগী ৷ ৰোগী কঢ়িওৱা বাহনখনৰ পথ মুকলি কৰি দিয়াত একপ্ৰকাৰ চূড়ান্ত ব্যৰ্থ হৈছিল মুকালমুৱা আৰক্ষীও ৷ ফলত এম্বুলেঞ্চ দুখনৰ ভিতৰতে প্ৰায় এঘন্টা ধৰি চটফটাই থাকে ৰোগী সহ আত্মীয় ৷ পৰৱৰ্তী সময়ত স্থানীয় একাংশ সাংবাদিকৰ তৎপৰতাত পথ মুকলি কৰি দিয়া হয় এম্বুলেঞ্চ দুখনক ৷ সৰ্বসাধৰণ জনতাক হাৰাশাস্তি কৰি ৰাজপথত এনেদৰে ঘন্টাই-ঘন্টাই ৰোগী তথা সাধাৰণ জনতাক বন্দী কৰি ৰখাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰক্ষেত্ৰীত ৷