নলবাৰী, 25 মাৰ্চ:60 নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিত চলিছে বিজেপিৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ । সমষ্টিটোৰ প্ৰান্তে প্ৰান্তে বিধায়ক নাৰায়ণ ডেকাই দলীয় কৰ্মী তথা সমৰ্থক সকলক লগত লৈ নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে ।
এইবাৰ ৰাইজে চৰৰ পৰা দিগন্ত বৰ্মনক বিদায় দিব বুলি মন্তব্য বিধায়ক গৰাকীৰ সমষ্টিটোৰ অন্তৰ্গত বৰভাগত বুধবাৰে বিধায়ক তথা বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী নাৰায়ণ ডেকাই প্ৰায় পাঁচ শতাধিক দলীয় কাৰ্যকৰ্তাৰ হৰ্ষোল্লাসৰ মাজত এটি নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ৷ 47(1) নং গাওঁ পঞ্চায়তৰ অধীনস্থ এই নিৰ্বাচনী কাৰ্যালয়টো উদ্বোধন কৰি বিধায়ক ডেকাই তেওঁ 1 লাখতকৈ অধিক ভোটত জয়ী হ'ব বুলি দাবী কৰে ৷
বৰক্ষেত্ৰী সমষ্টিত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম-কাজ হোৱা বুলি দোহাৰি ৰাইজে পুনৰ বিজেপিকে ভোট দিব বুলি ডেকাই মন্তব্য কৰে । আনহাতে, তেওঁ সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী ড৹ ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মনক কটাক্ষ কৰি কয়, "চৰৰ পৰা এইবাৰ ৰাইজে দিগন্ত বৰ্মনক বিদায় দিব । দিগন্ত বৰ্মনক বৰক্ষেত্ৰী কংগ্ৰেছে বিচৰা নাই । বৰক্ষেত্ৰীৰ বহু কংগ্ৰেছীয়ে কংগ্ৰেছ এৰি এজন স্থানীয় লোক হিচাপে মোক সহায় কৰিছে ৷"
লগতে পঢ়ক:বিজেপি নেতাৰ পৰিয়ালেও এইবাৰ কংগ্ৰেছক ভোট দিব : ৰকিবুল হুছেইন