নলবাৰী,২ নৱেম্বৰ :শেহতীয়াকৈ অসমৰ নিবনুৱা যুৱক-যুৱতীসকলে চৰকাৰী চাকৰিলৈ অপেক্ষা কৰি নাথাকি কৃষি কৰ্মত নিয়োজিত হৈছে । কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শনো দাঙি ধৰিবলৈ সক্ষম হৈছে বহু যুৱক-যুৱতীয়ে । অসমত থলুৱা পদ্ধতিৰে কৰা ৰঙালাও, নেমু টেঙা আদিয়ে বিশ্বৰ বিভিন্ন বজাৰো দখল কৰিবলৈ সক্ষম হৈছে ।
ফলস্বৰূপে বিদেশতো অসমৰ শাক-পাচলিয়ে প্ৰশংসা লাভ কৰিছে । শেহতীয়াকৈ কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ অন্যতম নিদৰ্শন দাঙি ধৰিছে নলবাৰীৰ কেইগৰাকীমান নিবনুৱা যুৱকে (Nalbari Youth Self reliant with agriculture)। ৫ৰ পৰা ৬ গৰাকী যুৱকে শংকৰদেৱ জৈৱিক কৃষি ফাৰ্ম আৰম্ভ কৰি ৰঙালাওৰ খেতি কৰিছে । প্ৰথম অৱস্থাত সৰুকৈ আৰম্ভ কৰা এই ফাৰ্ম এতিয়া বহল হৈ গৈ আছে । সম্প্ৰতি তেওঁলোকে ৮০ বিঘা মাটিত ৰঙালাওৰ খেতি কৰিছে ।
ইয়াৰ জৰিয়তে তেওঁলোকে যথেষ্ট পৰিমাণে ৰঙালাও উৎপাদন কৰিবলৈ সক্ষম হৈছে । তেওঁলোকৰ ফাৰ্মত উৎপাদিত ৰঙালাও নলবাৰীৰ লগতে অসম বিভিন্ন প্ৰান্তলৈও ৰপ্তানি কৰা হৈছে । ইফালে এই ফাৰ্মখনে পাগলাদিয়া নামেৰে এখন ৰিজৰ্টো শেহতীয়াকৈ আৰম্ভ কৰিছে (Pagladia Resort in Nalbari)। ফাৰ্ম আৰু ৰিজৰ্টখনৰ জৰিয়তে বহু নিবনুৱা যুৱক স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে ।