নলবাৰী, 10 ছেপ্টেম্বৰ : অনেক হিচাপ-নিকাচ কৰি কৌশলেৰে পুনৰ অসম গণ পৰিষদৰ সভাপতিৰ গাদী দখল কৰিছিল অতুল বৰাই ৷ সভাপতিৰ আসনৰ মোহত যেন বাৰুকৈয়ে মোহাচ্ছন্ন জ্যেষ্ঠ নেতাগৰাকী ৷ কিন্তু অতুল বৰাৰ সকলো আশা-সপোন ভংগ কৰিলে কামৰূপ মহানগৰ জিলাৰ দেৱানী আদালতৰ এক নিৰ্দেশে ৷ অগপৰ নৱ গঠিত সমিতিৰ সন্দৰ্ভত স্থগিতাদেশ জাৰী কৰিছিল কামৰূপ মহানগৰ জিলাৰ দেৱানী আদালতে ৷ কিন্তু তথাপি হাৰিব খোজা নাই অতুল বৰা ৷ এইবাৰ এই বিষয় সন্দৰ্ভত উচ্চ ন্য়ায়ালয়ৰ দ্বাৰস্থ হ’বলৈ স্থিৰ কৰিছে নেতাগৰাকীয়ে ৷
নলবাৰীত সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি, নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনা অনুসৰি ক’ভিডৰ নীতি-নিয়ম মানি গঠন কৰা হৈছিল অগপৰ নতুন সমিতি । আনকি এই নতুন সমিতি গঠনৰ প্ৰতিবেদন দাখিল কৰা হৈছিল নিৰ্বাচন আয়োগক ৷ তাৰ পাচতো আদালতে এই ক্ষেত্ৰত বাধা-নিষেধ আৰোপ কৰাত উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ সিদ্ধান্ত লৈছে অতুল বৰাই ৷
উল্লেখ্য যে, যোৱা 26 আগষ্টত কামৰূপ মহানগৰ জিলাৰ দেৱানী আদালতৰ এক নিৰ্দেশ যোগে অগপৰ সাধাৰণ পৰিষদৰ বৈঠক আয়োজনত বাধা-নিষেধ আৰোপ কৰিছিল ৷ কিন্তু আদালতৰ নিৰ্দেশৰ প্ৰতিলিপি লাভ কৰাত পলম হোৱাৰ দোহাই দি 27 আগষ্টত দুপৰীয়া সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰে অগপই ৷ এই বৈঠকতে তদানীন্তন সভাপতি অতুল বৰাক পুনৰ দলটোৰ সভাপতিৰ দায়িত্বভাৰ অৰ্পন কৰা হয় ৷