অসম

assam

ETV Bharat / state

পথৰ মেৰামতিৰ দাবীত আছুৰ প্ৰতিবাদ - NALBARI HAJO ROAD

নলবাৰীৰ অতি ব্যস্ততাপূৰ্ণ হাজো-নলবাৰী পথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত আছে ৷ কিন্তু পথটো পুনৰ নিৰ্মাণৰ বাবে কোনো এখন চৰকাৰে বৰ্তমানলৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ৷ যাৰ বাবে শনিবাৰে পথটো অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে পশ্চিম উপৰ বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাই ৷

ASSU PROTEST AT NALBARI
হাজো-নলবাৰী পথৰ মেৰামতিৰ দাবীত নলবাৰীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Aug 8, 2021, 9:16 AM IST

নলবাৰী, 8 আগষ্ট : নলবাৰীৰ আৰিকুছিত শনিবাৰে পশ্চিম উপৰ বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । নামনি অসমৰ অতি ব্যস্ততাপূৰ্ণ পথ হাজো-নলবাৰী পথটো শীঘ্ৰে পুনৰ নিৰ্মাণ কৰাৰ দাবীত আঞ্চলিক ছাত্ৰ সন্থাই পথটো অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

আছুৰ প্ৰতিবাদ

জিলা আছুৰ সাধাৰণ সম্পাদক অক্ষয় ডেকা আৰু উপ সভাপতি ফণীধৰ বৰুৱাৰ নেতৃত্বত প্ৰতিবাদকাৰীসকলে হাজো-নলবাৰী পথটো শীঘ্ৰে পুনৰ নিৰ্মাণ কৰাৰ দাবীত চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ মুখৰিত কৰি তোলে । উল্লেখ্য যে, অতি ব্যস্ততাপূৰ্ণ এই পথটো বছৰ বছৰ ধৰি জৰাজীৰ্ণ হৈ থকাৰ পিছতো কোনো এখন চৰকাৰে পথটো নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ৷

বিধ্বস্ত পথটোৰ বাবে অঞ্চলটোত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ এই দুৰ্ঘটনাৰ ফলত কেইবাজনো লোকে অকাল মৃত্যুক আঁকোৱালি লোৱাৰ লগতে পংগুত্বৰ জীৱন কটাবলগীয়া হৈছে । প্ৰতিবাদকাৰীসকলে শীঘ্ৰে পথটো পুনৰ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ৷ অন্যথা চৰকাৰ তথা প্ৰশাসনক ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে ৷

লগতে পঢ়ক :লামডিং নগৰত প্ৰশাসনৰ উচ্ছেদ অভিযান

ABOUT THE AUTHOR

...view details