নলবাৰী,৩ মেঃ নলবাৰীৰ বাহজানিত বাঘৰ আতংক। এসপ্তাহ ধৰি বিচৰণ কৰি আছিল বাঘটোৱে ৷
নলবাৰীত বাঘৰ আতংক
ইতিমধ্যে ঘটনাস্থলীত বন বিভাগ-আৰক্ষী উপস্থিত হৈ উক্ত বাঘটোৰ সন্ধানত অনুসন্ধান অব্যাহত ৰাখিছে
নলবাৰীত বাঘৰ আতংক
নলবাৰীৰ প্ৰাক্তন নিৰ্বাচনী আযুক্ত চি কে শৰ্মাৰ বাস গৃহৰ পিছফালে স্থানীয় ৰাইজে আজি প্ৰত্যক্ষ কৰে বাঘটো ৷ লগে লগে গাওঁখনত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। ঘটনাটো স্থানীয় ৰাইজে বন বিভাগ আৰু আৰক্ষীক খবৰ দিয়াত, বন বিভাগৰ লোক উপস্থিত হয় যদিও বাঘটো আবদ্ধ কৰিব পৰা নাই এই মূহুৰ্তলৈকে। ইতিমধ্যে বন বিভাগে উক্ত বাঘটোৰ সন্ধানত অনুসন্ধান অব্যাহত ৰাখিছে।
অধিক পঢ়িবলৈ-আমচাং বনাঞ্চলৰ পৰা জনাঞ্চললৈ কিয় আহে বনৰীয়া জীৱজন্তু?