নলবাৰীত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল - detention camp
নলবাৰীত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল আয়োজন ৷ ৰাজ্যখনত চলি থকা ডিটেনচন কেম্প সমূহ বন্ধ কৰি দিবৰ বাবে তোলা দাবীৰ তীব্ৰ বিৰোধিতা কৰিছে সংগঠনটোৱে।
নলবাৰী,21 জুলাইঃ নলবাৰীত হিন্দু যুৱ ছাত্ৰ পৰিষদে সংবাদমেল আয়োজন কৰি ৰাজ্যত শেহতীয়াকৈ একাংশ লেখক-বুদ্ধিজীৱীৰ নেতৃত্বত চলি থকা ডিটেনচন কেম্প সমূহ বন্ধ কৰি দিবৰ বাবে তোলা দাবীৰ তীব্ৰ বিৰোধিতা কৰে ৷ লগতে সংগঠনটোৱে লেখক-বুদ্ধিজীৱীৰ এনেধৰণৰ দাবীক "দেশদ্ৰোহিতাৰ নামান্তৰ" বুলি আখ্যা দিয়ে ৷ তদুপৰি সংগঠনটোৰ নেতৃত্বই বিদেশী নাগৰিক হোৱাৰ সন্দেহত আটক হোৱা বিদেশীৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা আইনী প্ৰক্ৰিয়া শীঘ্ৰেই সম্পন্ন কৰাৰ বিপৰীতে ডিটেনচন কেম্পত থকা ইতিমধ্যেই চিনাক্ত হোৱা বিদেশীৰ ভৰণ-পোষণৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পোষকতা কৰে ৷ সংগঠনটোৱে হিন্দু বিদেশীক কোনো মূল্যৰ বিনিময়ত ডিটেনচন কেম্পত বন্দী কৰি ৰখা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে ৷ সংগঠনটোৰ শীৰ্ষ নেতৃবৃন্দই উল্লেখ কৰে যে যিহেতু দেশৰ বিভাজন ধৰ্মৰ ভিত্তিত হৈছিল, গতিকে কোনা চৰ্ততে হিন্দুলোকক ডিটেনচন কেম্পত বন্দী কৰি ৰখাটো যুক্তিহীন আৰু অন্যায় ৷