অসম

assam

By

Published : Jun 30, 2022, 3:48 PM IST

ETV Bharat / state

বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবীত আছুৰ প্ৰতিবাদ

নলবাৰীত আছুৰ বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ(AASU protest in Nalbari) । বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বানাক্ৰান্তক পৰ্য্যাপ্ত সাহাৰ্য আৰু পুনৰ সংস্থাপনৰ লগতে বিভিন্ন দাবীৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাব্যস্ত ৷

aasu-protest-in-nalbari
বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবীত আছুৰ প্ৰতিবাদ

নলবাৰী, 30 জুন :বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বানাক্ৰান্তক পৰ্য্যাপ্ত সাহাৰ্য আৰু পুনৰ সংস্থাপনৰ দাবীত বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে(AASU protest in Nalbari) ৷

বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবীত আছুৰ প্ৰতিবাদ

বৃহস্পতিবাৰে নলবাৰীৰ শ্বহীদ ভৱনৰ সন্মূখত ৰূপায়ণ কৰা বিক্ষোভ কাৰ্যসূচীত ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক, বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত সাহায্য প্ৰদান কৰক, বানাক্ৰান্ত ৰাইজক পুনঃ সংস্থাপন দিয়া, নৰেন্দ্ৰ মোডী হায় হায়, অসমৰ মুখ্যমন্ত্ৰী হায় হায় আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা(AASU demands Declaring flood erosion as National problem), বান-গৰাখহনীয়া সমস্যা শীঘ্ৰে সমাধান কৰা, বান-গৰাখহনীয়া আক্ৰান্ত পৰিয়ালসমূহক খাদ্য সামগ্ৰী, ঔষধ, শিশু খাদ্য, পশুধনৰ খাদ্য যোগান ধৰাৰ দাবীত সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছাত্ৰ সংগঠনটোৱে লগতে এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক অসমৰ জনসাধাৰণক পৰ্যাপ্ত সা-সুবিধা প্ৰদান কৰাৰো দাবী জনায় ৷

উল্লেখ্য যে, সম্প্ৰতি ৰাজ্যত বান গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ ৰাজ্যত এই পৰ্যন্ত বানত 151 জন লোকৰ মৃত্যু হোৱাৰ লগতে 31,54,556 লোক ক্ষতিগ্ৰস্ত হৈছে ৷ বানৰ কৱলত আছে প্ৰায় 91,349.26 হেক্টৰ কৃষিভূমি ৷ বহু পৰিয়াল গৃহহীন, ভূমিহীন হৈ মথাউৰিৰ ওপৰত আশ্ৰয় ল’বলগীয়াৰো অৱস্থাৰ সৃষ্টি হৈছে ৷ এইবাৰেই নহয় প্ৰতিবছৰে বান-গৰাখহনীয়াই অসমৰ জনসাধাৰণক ক্ষতিগ্ৰস্ত কৰি আহিছে ৷

ইফালে, উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, কাৰ্যনিৰ্বাহক ৰিয়াজুদ্দিন আহমেদ, নলবাৰী জিলা আছুৰ সভাপতি গুণজ্যোতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকাকে আদি কৰি জিলা আছু নেতা, বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা কৰ্মীসকল উপস্থিত থাকে ।

লগতে পঢ়ক :কলগাছিয়াত বান সাহায্য বিতৰণত দুৰ্নীতি

ABOUT THE AUTHOR

...view details