অসম

assam

By

Published : Dec 1, 2019, 7:21 PM IST

ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ চাইকেল-বাইক ৰেলী

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজ্যৰ প্ৰত্যেক প্ৰান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে সদৌ অসম ছাত্ৰ সন্থাই ৷ বৰভাগ , টিংখং , ধলাত বৃহৎ বাইক ৰেলীৰে ৰাজ্য চৰকাৰলৈ শেষ সতৰ্কবাণী দিলে সংগঠনটোৱে ৷

aasu protest against cab all over assam
কেবৰ বিৰোধিতাৰে ছাত্ৰ সন্থাৰ ধাৰাবাহিক প্ৰতিবাদ

নিউজ ডেক্স , 1 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে সদৌ অসম ছাত্ৰ সন্থাই ৷ দেওবাৰে নলবাৰী জিলাৰ বৰভাগ অঞ্চলত বিধেয়ক বাতিলৰ দাবীত চাইকেল ৰেলী কাৰ্যসূচী ৰূপায়ন কৰে বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাই ৷ ৰণাকুছিস্থিত শ্বহীদ ভৱনৰ পৰা আৰম্ভ হোৱা চাইকেল ৰেলীত শতাধিক আছু সতীৰ্থই অংশগ্ৰহণ কৰি 'কেব'ৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে । সমদলৰ আৰম্ভণিতে নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্তই 'কেব'ক অসাংবিধানিক আৰু খিলঞ্জীয়া বিৰোধী বুলি আখ্যা দিয়ে ৷ কমাৰকুছিত অন্ত পৰা চাইকেল ৰেলীত বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ব্ৰজেন কলিতাই 'কেব' বাতিল নোহোৱা পৰ্যন্ত এই সংগ্ৰাম চলি থাকিব বুলি উল্লেখ কৰে ।

বৰভাগত চাইকেল ৰেলী ছাত্ৰ সন্থাৰ


অনুৰূপ ভাৱে , নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তিনিচুকীয়া জিলাৰ ধলাতো বৃহৎ মটৰ চাইকেল সমদল বাহিৰ কৰা হয় ৷ ধলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয় আছা, আটছা আৰু সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সহযোগত কেইবাশ মটৰ চাইকেলে ধলা তালাপ অঞ্চলৰ বহু গাওঁ পৰিভ্ৰমণ কৰি ৰাইজক সজাগ কৰি তোলাৰ প্ৰয়াস কৰে প্ৰতিবাদকাৰী সকলে ৷ "নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক" , "সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ" , "বিজেপি চৰকাৰ হুছিয়াৰ" ইত্যাদি শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ জাতিধ্বংসী বিধেয়ক যিকোনো কাৰণতে মানি নোলোৱাৰ লগতে দৰকাৰ হ'লে দেশৰ স্বাৰ্থত শ্বহীদ হোৱা বীৰ সকলৰ দৰে তেওঁলোকেও শ্বহীদ হ'বলৈ সাজু বুলি প্ৰতিবাদকাৰীসকলে মত পোষণ কৰাৰ লগতে অসম গণ পৰিষদৰ দুমুখীয়া স্থিতিকো তীব্ৰ সমালোচনা কৰে ৷ বৃহৎ মটৰ চাইকেল সমদলটি ধলাৰ পৰা ডাঙৰী, তালাপ, টিপুক হৈ ৰাইজৰ মাজত কেবৰ বিৰুদ্ধে সজাগতা অনাৰ প্ৰয়াস কৰে ৷

বৰভাগত চাইকেল ৰেলী ছাত্ৰ সন্থাৰ


ইফালে ডিব্ৰুগড় জিলাৰ টিংখাঙটো টিংখাং আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে 30 টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত দেওবাৰে টিংখাঙৰ বিভিন্ন অঞ্চলত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বাইক ৰেলী বাহিৰ কৰা হয় ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোবালক জাতিৰ লগত খেলা নকৰিবলৈ শেষ সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

কেবৰ বিৰুদ্ধে টিংখঙটো তীব্ৰ প্ৰতিবাদ ছাত্ৰ সন্থাৰ

লগতে পঢ়কঃ লণ্ডন বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আইছিছৰ

ABOUT THE AUTHOR

...view details