নলবাৰী, 7 জুন : মুকালমুৱাত নলবাৰী জিলা আমছুৰ প্ৰতিবাদ(AAMSU) ৷ হোজাই লংকাৰ কাকীত হোৱা উচ্ছেদৰ বিৰুদ্ধে এই প্ৰতিবাদ কাৰ্যসূচী হাতত লয় নলবাৰী জিলা আমছু (AAMSU)য়ে । কBলা বেজ পৰিধান কৰি বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদ ।
‘ভূমিহীন লোকক ভূমি প্ৰদান কৰা’, ‘উচ্ছেদিত লোকক পুণৰ সংস্থাপনৰ ব্যৱস্থা কৰা’ ইত্যাদি শ্ল’গানেৰে ক'ভিড প্ৰটকল(Covid Protocol) মানি সাব্যস্ত কৰে এই প্ৰতিবাদ । কৰ'ণা (Corona) মহামাৰীৰ এই দুৰ্যোগৰ সময়ত উচ্ছেদ কৰি দৰিদ্ৰ লোক সকলক হাৰাশাস্তি নকৰিবলৈ চৰকাৰক আহ্বান নলবাৰী জিলা আমছু (AAMSU)ৰ সদস্যই ।