নলবাৰী, 30 জুলাই:বিশিষ্ট অনাতাঁৰ শিল্পী পৰমানন্দ দাস ৷ লোকগীত গোৱাৰ লগতে লোকগীতত ব্যৱহাৰ হোৱা প্ৰায়বোৰ বাদ্যযন্ত্ৰ নিয়াৰিকৈ বজাব জনা এই লোকশিল্পী গৰাকীৰ ঘৰ নলবাৰী জিলাৰ চেনীকুছি গাঁৱত ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যতো এই শিল্পীগৰাকীয়ে নিজৰ প্ৰতিভাৰে অসমলৈ কঢ়িয়াই আনিছে সুনাম ৷ শৈশৱৰ পৰাই লোকগীতৰ ক্ষেত্ৰখনৰ প্ৰতি আকৃষ্ট হৈ অহা শিল্পীগৰাকীয়ে সান্নিধ্য লাভ কৰিছে অসমৰ বহু গণ্যমান্য শিল্পীৰ ৷ লোকগীতৰ কেইবাগৰাকীও পুৰোধা ব্যক্তিৰ সৈতে একেখন মঞ্চত নিজৰ প্ৰতিভা পৰিৱেশন কৰাৰো সুযোগ লাভ কৰিছে শিল্পীগৰাকীয়ে ৷ 71 বছৰীয়া শিল্পীগৰাকীয়ে অসমৰ সাংস্কৃতিক জগতখনলৈ আগবঢ়াইছে বহু বৰঙণি ৷
কিন্তু ইমানৰ পাচতো এই শিল্পী গৰাকীয়ে আজিকোপতি নাপালে নিজৰ প্ৰাপ্য ৷ কেইবাবাৰো অসমৰ চৰকাৰৰ হৈ ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ ভিন্ন স্থানলৈ গৈ অসমৰ নাম উজ্বলোৱা এই শিল্পী গৰাকীক অসম চৰকাৰেই বঞ্চিত কৰি ৰাখিছে নিজ প্ৰাপ্যৰ পৰা ৷ ভিন্ন প্ৰান্তত গীত গাই,বাঁহী,তবলা,দোতৰা ইত্যাদি বাদ্যযন্ত্ৰ বজাই সুনাম কঢ়িয়াই অনা শিল্পীগৰাকীক বিভিন্ন দল-সংগঠন,নাট্যদলে সম্বৰ্ধণা জ্ঞাপন কৰি আহিছে যদিও,আজিলৈ তেওঁ পূৰ্ণ স্বীকৃতি নাপালে অসম চৰকাৰৰ পৰা ৷ বিগত 14 বছৰে তেওঁ শিল্পী পেঞ্চনৰ বাবে আবেদন-নিবেদন কৰা স্বত্বেও কেৱল এবাৰ এটা এককালীন সাহায্য প্ৰদান কৰিয়েই নিজ দায়িত্ব সামৰিছে ৰজাঘৰীয়াই ৷