অসম

assam

ETV Bharat / state

NRCৰ নথি পত্ৰ যোগান ধৰি ৰঙাঘৰৰ আলহী বিদশী ন্যায়াধীকৰণৰ কৰ্মচাৰী

মৰিগাঁৱত এন আৰ চিৰ নথি পত্ৰ যোগান ধৰি ৰঙাঘৰৰ আলহী হ'ল বিদেশী ন্যায়াধিকৰণ কৰ্মচাৰী প্ৰণৱ ভট্টাচাৰ্য

By

Published : Aug 8, 2019, 10:52 PM IST

এন আৰ চি নথি পত্ৰ যোগান ধৰি ৰঙাঘৰৰ আলহী হল বিদশী ন্যায়াধিকৰণ কৰ্মচাৰী

মৰিগাঁও,8 জুলাই : মৰিগাঁৱত এন আৰ চি নথি পত্ৰ যোগান ধৰি ৰঙাঘৰৰ আলহী হ'ল বিদেশী ন্যায়াধিকৰণ কৰ্মচাৰী। মৰিগাঁৱৰ ২নং বিদেশী ন্যায়ধীকৰণৰ কৰ্মচাৰী প্ৰণৱ ভট্টাচাৰ্যক সোধপোচৰ বাবে আটক কৰে মৰিগাঁও আৰক্ষীয়ে। উক্ত কৰ্মচাৰী জনৰ বিৰুদ্ধে জালিয়াতিৰে ভুৱা নাগৰিকত্বৰ প্ৰমাণ পত্ৰ সন্দেহযুক্ত নাগৰিকক এন.আৰ.চিত নাম অন্তভুক্তিৰ বাবে যোগান ধৰাৰ অভিযোগ ৷ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে যি সমূহ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি নাগৰিকত্বৰ প্ৰমাণ দিছিল সেই সমূহৰ ওপৰত বৰ্তমান তদন্ত চলি আছে ৷ অভিযোগ মতে বিদেশী ন্যায়ধীকৰণৰ সদস্যৰ চহীৰ পৰিৱৰ্তে চহী কৰিছিল উক্ত কৰ্মচাৰীজনে ৷ ইয়াৰ ভিত্তিতে প্ৰণৱ ভট্টাচাৰ্য নামৰ কৰ্মীজনক সোধপোচৰ কৰে মৰিগাঁও আৰক্ষীয়ে ৷

এন আৰ চি নথি পত্ৰ যোগান ধৰি ৰঙাঘৰৰ আলহী হল বিদশী ন্যায়াধিকৰণ কৰ্মচাৰী

ABOUT THE AUTHOR

...view details