নলবাৰীত ভূৱনেশ্বৰ কলিতাৰ সংবাদ মেল
নলবাৰী, 26 মাৰ্চঃ "ৰাজ্য সভাত আমি তীব্ৰ বিৰোধিতা কৰা বাবেই বিজেপি চৰকাৰে আনিব নোৱাৰিলে CAB"- এই মন্তব্য কংগ্ৰেছী সাংসদ ভূৱনেশ্বৰ কলিতাৰ৷ নলবাৰীত অনুষ্ঠিত সংবাদমেলত এই মন্তব্য কৰে ভূৱনেশ্বৰ কলিতাই৷ লগতে তেওঁ কয় যে, মোডী ক্ষমতালৈ আহিলে CAB ক লৈ পুনৰ উত্তৰ পূৱ অশান্ত হ'ব৷ 2019 চনত মংগলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৰাকীয়ে মোডী চৰকাৰক কটাক্ষ কৰাৰ লগতে অসমক প্ৰবঞ্চনা কৰা বুলি উল্লেখ কৰে ৷