নলবাৰী, ৩০ জুলাই :এটা নাভূত-নাশ্ৰুত ঘটনা ৷ যি ঘটনা শুনিলে চকু কঁপালত উঠিব আপোনাৰ ৷ এখন চৰকাৰী চিকিৎসালয়লৈ অহা ৰোগীক চিকিৎসকৰ পৰিৱৰ্তে চিকিৎসা কৰিলে চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে ৷ আনকি চিকিৎসাৰ অন্তত চুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে ৰোগীক লিখি দিলে ঔষধৰ এখন দীঘলীয়া তালিকাও ৷ এই ঘটনা পোহৰলৈ অহাৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
আমি কৈ থকা এই অদ্ভূত ঘটনাটো সংঘটিত হৈছে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ প্ৰাণকেন্দ্ৰ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ৷ চিকিৎসকৰ অজ্ঞাতে এগৰাকী ৮ বছৰীয়া শিশুৰ চিকিৎসা কৰিলে চিকিৎসালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে । এই অভিযোগ উত্থাপন কৰিছে শিশুটিৰ পৰিয়ালৰ লোকে ৷
জানিব পৰা মতে, ঘৰতে খেলি থকা অৱস্থাত গছৰ পৰা পৰি চাউলখোৱা পাৰৰ এটি ৮ বছৰীয়া শিশুয়ে হাতত গুৰুতৰভাৱে আঘাত পায় ৷ তাৰ পাচত শিশুটিক তেওঁৰ পিতৃয়ে চিকিৎসালয়লৈ লৈ যায় ৷ সেই সময়ত চিকিৎসালয়খনত ডিউটিত থকা চিকিৎসকগৰাকীয়ে প্ৰসূতি বিভাগত অন্য এগৰাকী ৰোগীক চিকিৎসা কৰি আছিল । সেয়ে চিকিৎসকগৰাকীৰ অনুপস্থিতিত তেওঁৰ অজ্ঞাতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কেইজনমানে শিশুটিৰ চিকিৎসা কৰি হাত প্লাষ্টাৰ কৰাৰ লগতে ঔষধৰ এখন ডাঙৰ লিষ্ট লিখি দি চাৰিশ টকা বিচাৰে ।