নলবাৰী,22 জুন: দেওবাৰে পাগলাদিয়াত যুৱতীৰ আত্মজাহক লৈ তীব্ৰ চাঞ্চল্য ৷ নদীৰ পাৰত উদ্ধাৰ হৈছে যুৱতীৰ চুইচাইড নোট আৰু চেণ্ডেল ৷ নদীৰ বুকুত চলিছে উদ্ধাৰ অভিযান ৷
ঘটনাৰ স্থান নলবাৰীৰ ডিংডিঙিৰ পাগলাদিয়া ৷ জানিব পৰা মতে, নদীত জাপ দি আত্মহত্যা কৰিলে এগৰাকী 17 বছৰীয়া যুৱতীয়ে ৷ যুৱতী গৰাকীৰ নাম শিৱানী কলিতা ৷ এই আত্মহত্যাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্য ৷
পাগলাদিয়াত কিশোৰীৰ আত্মহত্যা কাণ্ডৰ নতুন মোৰ ঘটনাৰ দুদিন অতিক্ৰম কৰাৰ অন্তত অৱশেষত মঙলবাৰে উলাল উৰহী গছৰ ওৰ ৷ খবৰ ওলাল শিৱানী কলিতাৰ ৷ পিছে মৃত অৱস্থাত নহয়, সো-শৰীৰে উদ্ধাৰ হ’ল শিৱানী ৷
চুইচাইড নোট লিখি নদীৰ পাৰত থৈ ঘৰৰ মানুহকে ধৰি সকলোৰে চকুত ধূলি দি শিৱানী কলিতা উধাও হৈছিল দক্ষিণ শালমাৰাৰ হাজিৰহাটৰ প্ৰেমিক মক্তাৰ বাছিকৰৰ লগত ৷ পাগলাদিয়া নদীৰ পাৰত শিৱানীৰ চুইচাইড নোট আৰু চেণ্ডেল পোৱাৰ পিছত ঘৰত সৃষ্টি হৈছিল এক হাহাকাৰ পৰিৱেশৰ ৷ এছ ডি আৰ এফ বাহিনীৰ লোকেও পাগলাদিয়া নদীত শিৱানীক বিচাৰি অভিযান আৰম্ভ কৰিছিল ৷ কিন্তু এইবোৰলৈ কোনো ভ্ৰুক্ষেপ নাছিল আত্মহত্যাৰ নাটক ৰচা শিবানীৰ ৷
আত্মহত্যাৰ নাটক ৰচি প্ৰেমিকৰে সৈতে পলাই গৈ শিবানী সোমাই পৰিছিল অন্য এখন জগতত ৷ অৱশেষত এই কাৰ্যৰ বিষয়ে অৱগত হৈ এতিয়া অতিকে লজ্জিত হৈছে শিৱানীৰ আত্মীয় তথা পৰিয়ালবৰ্গ ৷ প্ৰাপ্ত তথ্য অনুসৰি সম্প্ৰতি পৰিয়ালৰ লোকে ত্যাগ কৰিছে শিৱানীক ৷
লগতে পঢ়ক:পাগলাদিয়া নদীত জাপ দি আত্মহত্যা 17 বছৰীয়া কিশোৰীৰ