অসম

assam

By

Published : Aug 24, 2020, 5:01 PM IST

ETV Bharat / state

সূতাৰে অংকণ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি

নগাঁৱৰ মৃদু পৱন বৰা নামৰ এজন যুৱকে 135 ডাল সূতাৰে আঁকি উলিয়ালে জুবিন গাৰ্গক প্ৰতিচ্ছবি ৷ জুবিন গাৰ্গৰ অনুৰাগী তথা উদিয়মান চিত্ৰশিল্পীগৰাকীয়ে নিশা 9 বজাৰ পৰা পুৱতি নিশা প্ৰায় 3:30 বজালৈ উজাগৰে থাকি অংকণ কৰি উলিয়াই প্ৰতিচ্ছবিখন ৷

Zubeen Garg image by silk
সূতাৰে অংকণ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি

নগাঁও, 24আগষ্টঃ কোনো কাগজত ৰং-তুলিকাৰে নহয়, এইবাৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিয়ে প্ৰাণ পালে সূতত ৷ নগাঁৱৰ মৃদু পৱন বৰা নামৰ এজন যুৱকে 135 ডাল সূতাৰে আঁকি উলিয়ালে জুবিন গাৰ্গক ৷ নগাঁৱৰ বটদ্ৰৱাৰ ৰাইদঙ্গীয়াৰ পহুকটাৰ প্ৰভাত বৰা আৰু বেবী বৰাৰ পুত্ৰ মৃদু পৱনৰ এনে ব্যতিক্ৰমী প্ৰচেষ্টাই এতিয়া উৎফুল্লিত কৰি তুলিছে অঞ্চলবাসীক ৷

সূতাৰে অংকণ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি

উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ অনুৰাগী তথা উদিয়মান চিত্ৰশিল্পীগৰাকীয়ে নিশা 9 বজাৰ পৰা পুৱতি নিশা প্ৰায় 3:30 বজালৈ উজাগৰে থাকি অংকণ কৰি উলিয়াই প্ৰতিচ্ছবিখন ৷ তদুপৰি মৃদু পৱনে অংগৰাগ পাপন মহন্ত, শচীন টেণ্ডুলকাৰ, মহেন্দ্ৰ সিং ধোনী, শ্বাহৰুখ খান, কুমাৰ চানুকে ধৰি বহু শিল্পীৰ ছবি অংকণ কৰিছে ৷ স্কুলীয়া দিনৰে পৰা চিত্ৰ শিল্পৰ প্ৰতি ৰাপ থকা মৃদু পৱন বৰাই ইয়াৰ পূর্বে চক পেঞ্চিলত ভগৱান শিৱ, শ্ৰীকৃষ্ণৰ লগতে ৰাধাৰ ছবি আঁকিও বিশেষ চৰ্চা লাভ কৰিছিল ৷

লগতে পঢ়কঃৰাহুলৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা

ABOUT THE AUTHOR

...view details