অসম

assam

চিকিৎসাত গাফিলতিৰ অভিযোগঃ ভাতৃৰ মৃত্যুত জ্যেষ্ঠ ভগ্নীৰ চিৎকাৰ

By

Published : Jul 25, 2019, 3:03 PM IST

নিশা উত্তপ্ত নগাঁৱৰ জি ডি নাৰ্ছিং হোম । চিকিৎসকৰ গাফিলতিৰ বাবেই এজনৰ মৃত্যুৰ অভিযোগ। ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ নাৰ্ছিং হোমখনৰ বিৰুদ্ধে ৷

চিকিৎসাত গাফিলতিৰ অভিযোগ

নগাঁও, 25 জুলাইঃ বুধবাৰে মাজনিশা নগাঁও জিলাৰ এখন ব্যক্তিগত নাৰ্ছিং হোমৰ সন্মুখত এগৰাকী মহিলাৰ গগন ফলা চিৎকাৰ ৷ নিজ ভাতৃৰ কথা বিৱৰি উপৰ্যুপৰি কান্দিছে মহিলাগৰাকীয়ে ৷ চিকিৎসালয়ৰ সমুখত চিকিৎসকক গালি-গালাজ পাৰিছে মহিলাগৰাকীয়ে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে বুধবাৰে নিশা নগাঁৱৰ জি ডি নাৰ্ছিং হোমত মৃত্যুক আঁকোৱালি লয় এজন যুৱকে ৷ তিনিদিন পূৰ্বে ভাইৰেল জ্বৰত আক্ৰান্ত হোৱা কঁঠীয়াতলীৰ ৰেংবেঙৰ সন্তোষ কুমাৰ দাস নামৰ যুৱকজনক ভৰ্তি কৰোৱা হৈছিল নগাঁৱৰ জি ডি নাৰ্ছিং হোমত ।

চিকিৎসাত গাফিলতিৰ অভিযোগ

যুৱকজনক চিকিৎসা প্ৰদান কৰিছিল চিকিৎসক মৌৰে ৷ কিন্তু সন্তোষৰ পৰিয়ালৰ অভিযোগ অনুসৰি চিকিৎসক মৌৰৰ ভুল চিকিৎসা আৰু অমনযোগিতাৰ ফলতে মৃত্যুমুখত পৰে সন্তোষ ৷ চিকিৎসালয়খনৰ বাহিৰত শোকত ভাগি পৰা সন্তোষৰ আত্মীয়ৰ ফলত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষী, অৰ্ধসামৰিক বাহিনীক মোতায়ন কৰা হয় ৷

উল্লেখ্য যে, নগাঁও চহৰৰ খুটিকতিয়াস্থিত জি ডি নাৰ্ছিং হোমত ৰোগী এনেদৰে মৃত্যুমুখত পৰা ঘটনা নতুন নহয় ৷ পূৰ্বে কেইবাবাৰো ভুল চিকিৎসা, চিকিৎসকৰ গাফিলতিৰ অভিযোগত এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details