নগাঁও,8 জানুৱাৰীঃ কলিয়াবৰত বন্যহস্তীৰ সন্ত্ৰাসত ত্ৰস্তমান স্থানীয় ৰাইজ ৷ ভাঙিলে চাৰিটাকৈ বাসগৃহ,খালে ভঁৰালৰ ধান ৷ সমগ্ৰ ৰাজ্যত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে বুধবাৰে নিশা বন্যহস্তীৰ তাণ্ডৱত ত্ৰাহি মধুসূদন সোঁৱৰিলে কলিয়াবৰৰ এটা অঞ্চলৰ ৰাইজে ৷ বুধবাৰে কাহিলি পুৱাত এটা বন্যহস্তীয়ে ভাঙি লণ্ড-ভণ্ড কৰে কলিয়াবৰৰ দেউৰী চিলাবন্ধা গাঁৱৰ চাৰিটাকৈ বাসগৃহ। খাদ্যৰ সন্ধানত কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে বিস্তৰ ক্ষতিসাধন কৰে গাঁওখনৰ চাৰিটাকৈ পৰিয়ালৰ বাসগৃহৰ। গাঁওখনৰ হেমকান্ত নাথ,পুনিৰাম নাথ, ৰাজু নাথ আৰু দেৱ বৰাৰ বাসগৃহত উপদ্ৰৱ চলাই বন্যহস্তীটোৱে।
কলিয়াবৰত বন্যহস্তীৰ সন্ত্ৰাস - কামাখ্যা সংৰক্ষিত বনাঞ্চল
বুধবাৰে কাহিলি পুৱাত এটা বন্যহস্তীয়ে ভাঙি লণ্ড-ভণ্ড কৰে কলিয়াবৰৰ দেউৰী চিলাবন্ধা গাঁৱৰ চাৰিটাকৈ বাসগৃহ। বনাঞ্চলৰ পৰা ওলাই অহা হাতীটোৱে পকীঘৰৰ বেৰ ভাঙি পেলোৱাৰ ফলত নষ্ট হয় বহু মূল্যৱান আচবাব,সা-সামগ্ৰী।
কলিয়াবৰত বন্যহস্তীৰ সন্ত্ৰাস