অসম

assam

ETV Bharat / state

চামগুৰিত বন্যহস্তীৰ কেলি - wild elephant played in paddy field in nagaon etv bharat news

বন্যহস্তী কেলিয়ে আকৰ্ষিত কৰিছে গঞাক । বিয়লি হ’লেই জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ এটা জাক ব্যস্ত হৈ পৰে ৰং তামাছাত । হাতী মানুহৰ সংঘাতৰ বিপৰীতে যেন সহাৱস্থান কৰিবলৈ শিকিছে নগাঁৱৰ এটা অঞ্চলৰ ৰাইজে । বিয়লি হ’লেই হস্তীকেলি উপভোগ কৰিবলৈ ভিৰ কৰে বিভিন্নজনৰ ।

Elephants special
চামগুৰিত বন্যহস্তীৰ কেলি

By

Published : Oct 29, 2021, 8:49 PM IST

নগাঁও, 29 অক্টোবৰ :এফালে ৰং তামাছাত ব্যস্ত এজাক বন্যহস্তী । আনফালে আকৌ হস্তীকেলি উপভোগ কৰিবলৈ ভিৰ গঞা ৰাইজৰ । হাতী মানুহৰ সহাৱস্থান এক প্ৰতিচ্ছবি যেন সুলভ হৈ পৰিছে নগাঁৱৰ চামগুৰিৰ গেন্ধেলী, ভকতগাঁও, মাজৰআটি, হেমাৰবড়ী আদি ঠাইত ।

চামগুৰিৰ এইকেইখন ঠাইত এতিয়া প্ৰতিদিনেই মুক্ত বিচৰণ কৰি ফুৰিছে বনৰীয়া হাতীৰ এটা জাকে । বিয়লি হ’লেই হাতীৰ জাকটোৱে এনেদৰে আৰম্ভ কৰে খেল-ধেমালি ৷ দাঁতিকাষৰীয়া পাহাৰৰ পৰা নামি অহা এই হাতীৰ জাকটোৱে মাজে সময়ে উপদ্ৰৱ চলাই আহিছে অঞ্চলটোত । হাতীৰ জাকটোক সেই স্থানৰ পৰা স্থানান্তৰ কৰিলৈ বহুবাৰ বন বিভাগক দাবী জনাই আহিছিল স্থানীয় ৰাইজে ৷

চামগুৰিত বন্যহস্তীৰ কেলি

কিন্তু এই ক্ষেত্ৰত বিফল বন বিভাগ ৷

লগতে পঢ়ক :তু য়হী হ্যেঃ হৃদয়স্পৰ্শী গীতেৰে সিদ্ধাৰ্থলৈ শ্ৰদ্ধাঞ্জলি শ্বেহনাজ গীলৰ

বিগত প্ৰায় চাৰি মাহে হাতীৰ জাকটো অঞ্চলকেইটাত মুক্ত বিচৰণ কৰি অহাৰ উপৰিও খেতি পথাৰ আদি বিনষ্ট কৰিছে । বিগত চাৰি মাহে মুক্ত বিচৰণ কৰি থকা হাতীৰ জাকটোৰ সৈতে যেন এতিয়া লাহে লাহে সহাৱস্থান কৰিবলৈ শিকিছে অঞ্চলকেইটাৰ ৰাইজে । এতিয়া প্ৰত্যেক দিনাই বিয়লি এনেদৰে বনৰীয়া হাতীৰ এনে নান্দনিক দৃশ্য উপভোগ কৰে অঞ্চলবাসীয়ে ৷ মুঠৰ ওপৰত বিয়লি হ’লেই যেন অঞ্চলবাসী ব্যস্ত হৈ পৰে বনৰীয়া হাতীৰ জাকটোৱে কৰা ক্ৰীড়া উপভোগ কৰাত ৷

লগতে পঢ়ক :ভাৰত-চীন সীমান্তৰ শেষৰখন গাঁৱৰ পৰা আমাৰ বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details